ভক্তৰ বাবে খুলিল ৰাম মন্দিৰৰ দুৱাৰঃ জানক কেতিয়া কৰিব পাৰিব দৰ্শন

প্ৰায় ৫০০ বছৰীয়া অপেক্ষা, ত্যাগ আৰু তপস্যাৰ অন্তত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কাৰ্যসূচী সম্পন্ন হয় । সোমবাৰে ৰামলালাক ৰাম মন্দিৰৰ গৰ্ভত প্ৰতিষ্ঠা কৰা হয়। ৰামলালাৰ প্ৰতিষ্ঠাৰ পিছত মঙলবাৰৰ পৰা সাধাৰণ ভক্তৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ভক্তৰ বাবে খুলিল ৰাম মন্দিৰৰ দুৱাৰঃ জানক কেতিয়া কৰিব পাৰিব দৰ্শন

ডিজিটেল ডেস্কঃ প্ৰায় ৫০০ বছৰীয়া অপেক্ষা, ত্যাগ আৰু তপস্যাৰ অন্তত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কাৰ্যসূচী সম্পন্ন হয় । সোমবাৰে ৰামলালাক ৰাম মন্দিৰৰ গৰ্ভত প্ৰতিষ্ঠা কৰা হয়। ৰামলালাৰ প্ৰতিষ্ঠাৰ পিছত মঙলবাৰৰ পৰা সাধাৰণ ভক্তৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে।

Advertisment

আজিৰে পৰা সকলো ভক্তয়ে ৰামলালাৰ দৰ্শন কৰিব পাৰিব। আজিপ্ৱা ৫.৩০ বজাত সম্পন্ন হয় ৰামল্লাৰ শৃংগাৰ আৰু আৰতি। পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শন আৰম্ভ হয়। আজি হাজাৰ হাজাৰ ভক্তই শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰিব। ইতিমধ্যে ৰামলালাৰ অভিষেকৰ বাবে সহস্ৰাধিক ভক্তই ৰাম নগৰীত উপস্থিত হৈছে। তথ্য অনুসৰি বছৰত ৫ কোটিৰো অধিক ভক্তই ৰামলালাৰ দৰ্শন কৰাৰ সম্ভাৱনা।

প্ৰতিদিনে তিনিবাৰকৈ হ'ব ৰামলালাৰ আৰতি। পুৱা ৭ বজাৰ পৰা ১১.৩০ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব ৰাম মন্দিৰৰ মূল দ্বাৰ । ভক্তৰ বৃহৎ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এজন ভক্তই গৰ্ভগৃহ দৰ্শনৰ বাবে মাত্ৰ প্ৰায় ১৫ৰ পৰা ২০ ছেকেণ্ড সময়হে দিয়া হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰঞ্জনভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মতে আজি পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শনৰ বাবে মন্দিৰৰ দ্বাৰ খোলা হৈছে। আজি মন্দিৰ ৯ ঘণ্টা ধৰি গোটেই দিনটো খোলা থাকিব। দিনটোত দুবাৰকৈ ৰামলালাৰ আৰতি কৰা হ’ব। আৰতিত অংশগ্ৰহণৰ বাবে ভক্তক বিনামুলীয়া পাচৰ ব্যৱস্থা কৰা হৈছে। এটা সময়ত মাত্ৰ ৩০ জন ভক্তই এই আৰতিত অংশগ্ৰহণ কৰিব পাৰিব।

Also Read: অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, মহানগৰীত কেইবাটাও কাৰ্যসূচী

ram mandir ayodhya ramlala