ঢকুৱাখনা চিভিল হাস্পতাল অৰাজকতা, অন্ধমুনিৰ বেশত নৱ দলে...

ঢকুৱাখনা চিভিল হাস্পতাল অৰাজকতা, অন্ধমুনিৰ বেশত নৱ দলে...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাত চৰকাৰী চিকিৎসা সেৱা প্ৰদানৰ নামত চূড়ান্ত প্ৰহসনৰাজ চলাৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়লৈ আহি কি ৰোগী কি ৰোগীৰ আত্মীয় সকলোৱে দুৰ্বিষহ যন্ত্ৰণা ভুগিব লাগে ।

চৰকাৰী চিকিৎসা সেৱা প্ৰদানৰ নামত চূড়ান্ত ভণ্ডামি অব্যাহত থকা এইখন অসামৰিক চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ চিকিৎসক,চিকিৎসা কৰ্মীয়ে হেতালি খেলাৰ অভিযোগ অতি পুৰণি। শেহতীয়া ভাবে এইখন চিকিৎসালয়ত নৱজাতকৰ প্ৰতিও চূড়ান্ত দায়িত্বহীন মনোভাব প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

শনিবাৰে ভুক্তভোগী ৰোগীৰ আত্মীয়ই উত্থাপন কৰা অভিযোগ মতে চিকিৎসালয়খনত স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসকে শুকুৰবাৰে এগৰাকী প্ৰসূতী মহিলাৰ ছিজাৰিয়ান পদ্ধতিৰে এটি শিশু জন্ম দিছিল। পৰৱৰ্তী সময়ত নৱজাতকে প্ৰদৰ্শন কৰা আচৰণ সন্দৰ্ভত অৱগত কৰিবলৈ ৰোগীৰ আত্মীয়ই চিকিৎসালয়ত শিশু ৰোগ বিশেষজ্ঞ চিকিৎসকক বিচাৰে। কিন্তু কোনো শিশু ৰোগ বিশেষজ্ঞ নথকা বুলি স্বাস্থ্য কৰ্মীৰ পৰা অৱগত হয়।

এগৰাকী শিশু ৰোগ বিশেষজ্ঞ অবিহনে নৱজাতকে জন্ম লাভ কৰা বিষয়টো আত্মীয়ৰ অৱগত হোৱাত আত্মীয় স্তম্ভিত হৈ পৰে। নৱজাতকৰ সমস্যা দূৰীকৰণৰ বাবে আত্মীয়ই পাছত জৰুৰী চিকিৎসা সেৱা প্ৰদানত নিয়োজিত চিকিৎসকক বিচৰাত সেইজন চিকিৎসকৰো সম্ভেদ লাভ নকৰিলে।

এইসন্দৰ্ভত এগৰাকী কৰ্মীক সোধাত স্বাস্থ্য কৰ্মীয়ে কেৱল চিকিৎসক নাহে বুলি মন্তব্য কৰে। হাস্পতাল কৰ্তৃপক্ষই সমস্যালৈ পিঠি দি আঁতৰি যোৱা বুলি অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই।

উপায়ন্তৰ হৈ পাছত নিজাববিয়া পদ্ধতিৰে নৱজাতকৰ সমস্যা দূৰ কৰে পৰিয়ালৰ লোকে। ইয়াৰোপৰি শুকুৰবাৰে নিশা চিকিৎসালয়খনৰ প্ৰসূতি ৱাৰ্ডত বিদ্যুৎ সেৱা উপলব্ধ নোহোৱাত একাংশ আত্মীয়ই প্ৰসূতি মাতৃ আৰু নৱ জাতক সকল সন্মুখীন হোৱা জটিল সমস্যা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰি জেনেৰেটৰ চলাই হ'লেও বিদ্যুৎ যোগান ধৰাৰ খাটনি ধৰে।

কৰ্তব্যৰত স্বাস্থ্যকর্মী সকলে তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি মম জ্বলাই সমস্যা দূৰ কৰাৰহে দায়িত্বহীন পৰামৰ্শ আগবঢ়ায়। চৰকাৰী অসামৰিক চিকিৎসালয় এখনত ৰোগীৰ প্ৰতি প্ৰদৰ্শন কৰিব লগা দায়িত্ববোধ কৰ্তব্যবোধৰ জীয়া ফাঁকি দি অব্যাহত ৰখা এনে চূড়ান্ত অব্যৱস্থাত একাংশ ৰোগীৰ আত্মীয় অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে ।

ৰোগী আৰু নৱজাতকৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি কাণ্ডজ্ঞানহীন আচৰণ কৰি অহা , প্ৰয়োজনৰ সময়ত জৰুৰী সেৱা উপলব্ধ নকৰা আৰু অদক্ষ চিকিৎসালয় পৰিচালনা নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰী আৰু মানৱ অধিকাৰ আয়োগক লিখিত অভিযোগ প্ৰেৰণ কৰিব বুলি একাংশই জনায়। উল্লেখ্য যে, ঢকুৱাখনাবাসীৰ জীৱনকলৈ হেতালি খেলা এনে ভয়ংকৰ অনিয়ম দেখি শুনিও বিধায়ক নব দলেয়ে অন্ধমুনিৰ ভাও লোৱা বুলি একাংশই ক্ষোভ উজাৰিছে।

ঢকুৱাখনা চিভিল হাস্পতাল অৰাজকতা, অন্ধমুনিৰ বেশত নৱ দলে...
মেৰাপানীত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in