মেৰাপানীত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মেৰাপানীত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
মেৰাপানীত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ,মেৰাপানীঃ আজি মেৰাপানীৰ পদুমপথাৰত অঞ্চলটোৰ কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সৰুপানী আঞ্চলিক সমিতিৰ লগতে অসম গোৰ্খা সন্মিলনৰ সোণালীপথাৰ, পদুমপথাৰ আৰু শিতলমাৰি শাখা সমিতিৰ সৌজন্যত এই অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত হয়।

পদুমপথাৰ সমূহীয়া ভৱনত সৰুপানী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীত বিশ্বকৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁও কপিলি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° সূৰ্য নেৱাৰ, অসম চৰকাৰৰ প্ৰশাসনিক সেৱাৰ বিষয়া হিম কুমাৰ তিমিৰে, আগছুৰ প্ৰাক্তন সভাপতি দিল বাহাদুৰ লিম্বু, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি প্ৰেম নেৱাৰ।

ইয়াৰোপৰি অসম গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজু খনাল, নেপালী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সভাপতি গোপাল শ্ৰেষ্ট, পদুমপথাৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক অঞ্জল লিম্বু, চান কুমাৰ লিম্বুৰ লগতে এবছুৰ চিচুপানী আঞ্চলিক সমিতিৰ সভাপতি চাওলেন বসুমতাৰীকে আদি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰে।

Also Read: ড° ৰঞ্জিত বৰুৱাৰ ৫ বছৰীয়া সাধনাঃ প্ৰস্তুত কৰি উলিয়ালে গুৰুজনাৰ আৰ্হিমূলক বৃন্দাৱনী বস্ত্ৰ

GURKHA MERAPANI STUDENT