চুলাই মদৰ অভিযানত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক...

চুলাই মদ প্ৰস্তুত কৰা আৰু বিক্ৰী বন্ধৰ অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ মদ ধংস কৰে

author-image
Asomiya Pratidin
New Update
চুলাই মদৰ অভিযানত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক...

SULLAI

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দুৰ্গোৎসৱৰ বতৰতে দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক বুধবাৰে নামিল গ্ৰামাঞ্চলত চুলাই মদ বন্ধৰ অভিযানত। চহৰ অঞ্চলৰ বাদেও দৰঙৰ গ্ৰামাঞ্চলত ছানি ধৰিছে চুলাই মদৰ ব্যৱহাৰকাৰী।

Advertisment

জিলা খনৰ প্ৰায় প্ৰতিখন গাঁৱতেই এতিয়া চুলাইৰ নিচাত কাজিয়া, মাৰপিটৰ দৰে ঘটনা। ৰাজ্য চৰকাৰৰ বিয়াগোম আবকাৰী বিভাগ এটা থকাৰ পিছতো গাঁও অঞ্চলত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাই আহিছে।

বুধবাৰে খোদ দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া নামিব লগা হ'ল চুলাই মদৰ অভিযানত। দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিৰ্দেশত মঙলদৈৰ নিকটবৰ্তী বঙলাগড়ত অবৈধ চুলাই মদ প্ৰস্তুত কৰা আৰু বিক্ৰী বন্ধৰ অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ মদ ধংস কৰে। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ এই পদক্ষেপৰ সলাগ লৈছে স্থানীয় ৰাইজে।

darrang SULAI