ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে কৰিলে এটা ডাঙৰ ঘোষণা। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন সলনি কৰিলে আয়োগে। পূৰ্বৰ ঘোষণা অনুসৰি ১অক্টোবৰ ২০২৪ত ভোটদানৰ দিন আছিল যদিও, এতিয়া সেই দিন ৫অক্টোবৰ ২০২৪ত নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে আয়োগে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাও কৰিছে। পূৰ্বে জন্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ১অক্টোবৰত হোৱাৰ কথা আছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ভোটদানৰ দিন সলনি হলেও পূৰ্বৰ ঘোষণা অনুসৰিয়েই ৮অক্টোবৰ, ২০২৪ত ঘোষিত হব দুয়োখন ৰাজ্যৰ ফলাফল। নিৰ্বাচনৰ সকলো কাম-কাজ ১০অক্টোবৰৰ ভিতৰত সমাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে নিৰ্বাচন আয়োগে। অহা ৫ছেপ্তেম্বৰত দুয়োখন ৰাজ্যত নিৰ্বাচনী অধ্যাদেশ জাৰি কৰা হব। ১২ছেপ্তেম্বৰত মনোনয়ন দাখিল কৰা অন্তিম দিন। মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন হৈছে ১৭ছেপ্তেম্বৰ, ২০২৪।
হাৰিয়ানাৰ নিৰ্বাচনৰ দিন সলনি কৰাৰ আঁৰত আছে কেইবাটাও কাৰন। নিৰ্বাচনৰ আগে-পিছে আছিল হাৰিয়ানাৰ বহুকেইটা পৰম্পৰাগত উতসৱ। যাৰ বাবে আছিল বহুকেইটা চৰকাৰী বন্ধ। যাৰ বাবে বিভিন্ন দল-সংগঠনে আয়োগক নিৰ্বাচনৰ দিন সলনি কৰিবলৈ আহ্বান জনাইছিল। তেওঁলোকে যুক্তি দৰ্শাইছিল যে, চৰকাৰী বন্ধৰ বাবে হ্ৰাস পাব পাৰে ভোটদানৰ হাৰ। গতিকে এই ক্ষেত্ৰত বিবেচনাৰ প্ৰয়োজন আছে। সকলোখিনি দিশ চোৱাচিতা কৰি অৱশেষত আয়োগে গ্ৰহণ কৰে এই সিদ্ধান্ত।