/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/tlw2363h/22131684-4103-4bb8-97b1-f855b09680de.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অচিৰেই হব পাৰে গ্ৰেপ্তাৰ। আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টে শেহতীয়াকৈ উত্থাপন কৰিছে এই দাবী। আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্ট চমুকৈ আই চি চিৰ মুখ্য প্ৰবক্তা ড০ ফাডী এল আব্দুল্লাহে এই দাবী উত্থাপন কৰি শেহতীয়াকৈ চৰ্চালৈ আহিছে।
উল্লেখ কৰা প্ৰয়োজন যে, অহা সপ্তাহৰ মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী মঙ্গোলিয়া ভ্ৰমণলৈ যাব। আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টৰ সদস্য ৰাষ্ট্ৰলৈ এয়াই হৈছে পুটিনৰ প্ৰথম ভ্ৰমণ। গতিকে এনে মূৰ্হুতত আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টৰ তৰফৰ পৰা মঙ্গোলিয়াক আহ্বান জনোৱা হৈছে যে, মঙ্গোলিয়া ভ্ৰমণৰ সময়তে গ্ৰেপ্তাৰ কৰিব লাগে পুটিনক।
এতিয়া প্ৰশ্ন উত্থাপিত হব পাৰে যে, কিয় গ্ৰেপ্তাৰ কৰিব লাগে পুটিনক? দৰাচলতে ২০২৩চনৰ মাৰ্চত আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল। পুটিনৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু ইউক্ৰেইনৰ শিক্ষাৰ্থীৰ ওপৰত ৰাছিয়াত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল।
অৱশ্যে আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টৰ এই আদেশ অবৈধ, অপমানজনক আখ্যা দিছিল ৰাছিয়াই। শেহতীয়াকৈ মঙ্গোলিয়া ভ্ৰমণৰ পূৰ্বে পুনৰ উত্থাপিত হোৱা এই দাবী সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে সদৰি কৰিছে যে, মঙ্গোলিয়া ভ্ৰমণৰ সময়ত তেনে কোনো পৰিস্থিতি সৃষ্টি নহয় আৰু মঙ্গোলিয়াৰ সৈতে আমাৰ সম্পৰ্ক যথেষ্ট ভাল। তথাপিও আমি সকলো সৰ্তকতা অৱলম্বন কৰিম।
ইফালে পুটিন মঙ্গোলিয়া ভ্ৰমণৰ পূৰ্বে ইউক্ৰেইনেও এই পৰিস্থিতিৰ সুযোগ লৈ দাবী কৰিছে যে, যুদ্ধ অপৰাধী পুটিনক মঙ্গোলিয়াই গ্ৰেপ্তাৰ কৰি আই চি চিৰ সন্মান ৰক্ষা কৰক। আনফালে আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টৰ প্ৰৱক্তা ড০ ফাডী এল আব্দুল্লাহে সদৰি কৰিছে যে, মঙ্গোলিয়াই যদি আই চি চিৰ পূৰ্বেৰ আদেশ পালন নকৰে, তেন্তে দেশখনে আই চি চিৰ সদস্যতা হেৰুৱাবও পাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, আন্তৰাষ্ট্ৰীয় ক্ৰিমিনেল কৰ্টে কোনো ব্যক্তি বা অপৰাধীৰ শাস্তি ঘোষণা কৰিলেও পোনপতীয়াকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তেওঁলোকে ইয়াৰ বাবে সহযোগী দেশৰ সহায় লব লাগে।