চিচিবৰগাঁৱত বোৱাৰী নিৰুদ্দেশ

যোৱা ২০ জুনৰ পৰা চিচিবৰগাঁৱৰ সমীপৰ গড়মৰা ৰহধলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হ'ল গড়মৰা ৰহধলা গাঁৱৰ বুল ভূঞাৰ ২৬ বছৰীয়া পত্নী সংগীতা ভূঞা ।

author-image
Asomiya Pratidin
New Update
fxhg

ডিজিটেল সংবাদ, চিলাপথাৰ : যোৱা ২০ জুনৰ পৰা চিচিবৰগাঁৱৰ সমীপৰ গড়মৰা ৰহধলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হ'ল গড়মৰা ৰহধলা গাঁৱৰ বুল ভূঞাৰ ২৬ বছৰীয়া পত্নী সংগীতা ভূঞা ।

Advertisment

সংগীতা ভূঞাই যোৱা ২০ জুনৰ পুৱা চিকিৎসালয়লৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আজিলৈকে ঘূৰি অহা নাই। সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰিও সংগীতাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি ভাগি পৰিছে পৰিয়ালটো ।

ঘৰত এৰি যোৱা দুটা সন্তানে মাকক বিচাৰি হাহাঁকাৰ কৰিছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বুল এতিয়া উপায়ন্তৰ হৈ পৰিছে।

ইতিমধ্যে পৰিয়ালটোৱে নিৰুদ্দেশ সন্দৰ্ভত চিচিবৰগাঁও আৰক্ষী চকীত জাননী দিছে । ঘৰখনৰ পৰিবেশৰ প্ৰতি চিন্তা সংগীতাক শীঘ্ৰে ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পতি আৰু পুত্ৰদ্বয়ে।

আনহাতে কোনো লোকে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 8011230046 আৰু 6000714058 এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

চিলাপথাৰ