/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/916aa2e5-9ec0-4b6a-a354-a6e2431af513/6.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান কলিয়াবৰ শিক্ষণ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণী উপলক্ষে শুকুৰবাৰে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰে সমৃদ্ধ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে কলিয়াবৰৰ ৰাজপথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9843ce6f-f35c-4885-900a-49060fcbdd63/0c71766c-c730-475e-801e-c27a112e04e2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/df52048f-83c7-4988-8228-a090b5208760/a09a62e1-419b-4c27-9e6e-786e9ba81361.jpg)
মাজুলীৰ মুখাশিল্পৰ পৰা ভাওনা সংস্কৃতিলৈ, কলিয়াবৰৰ ঐতিহ্যৰ পৰা জি আই টেগ লাভ কৰা আপুৰুগীয়া সম্পদৰাজিও প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰাত। ইয়াৰ উপৰি কলিয়াবৰৰ পৌৰাণিক সময়ৰ ঐতিহ্যপূৰ্ণ সমল পুথি চিত্ৰসমূহৰ লগতে সত্ৰীয়া নৃত্য, বিহুকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক উপাদান আৰু পৰম্পৰা তথা লোকাচাৰে স্থান লাভ কৰে এই সাংস্কৃতিক শোভাযাত্ৰাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e9b08430-d1f8-40fd-8bd9-1497bbf61b43/a46eb3b7-eaac-4433-adb7-5abe68de0b8e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f8a81500-5a46-4a08-8db7-76a0a6f4e428/82923480-8f12-42d5-876e-b1f05fc7b11e.jpg)
শিক্ষণ মহাবিদ্যালয়ৰ চৌহদৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষণ মহাবিদ্যালয়খনৰ অধ্যক্ষ টি কুমবাঙে। উল্লেখ্য যে, মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষণ মহাবিদ্যালয়খনৰ পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু প্ৰশাসনিক ব্যৱস্থাৰ শলাগ লয় বিশিষ্ট কবি তথা ধিং কলেজৰ সহযোগী অধ্যাপক বিমান কুমাৰ দলেয়ে। পৰিৱৰ্তিত শিক্ষানীতিৰ লগত নিজকে খাপ খুৱাই আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় কবি-অধাপক বিমান কুমাৰ দ'লেয়ে।
Also Read: হোজাই আৰক্ষীৰ জালত ৰিয়াজ হুছেইন...