হাওৰাঘাটত ছয় বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

হাওৰাঘাটত ছয় বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনি আলিত আঞ্চলিক পৰ্যায়ৰ ছয় অগ্ৰণী বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশন ক্ৰমে এবচুৰ ৪৫ সংখ্যক, বড়ো সাহিত্য সভাৰ ৪৫ সংখ্যক, কছাৰী সমাজৰ ৪৩ সংখ্যক, আবৌফৰ ৩৬ সংখ্যক ,দুলাৰায় হাৰিমু আফাদৰ ২১ সংখ্যক আৰু গাওঁবুঢ়া সন্থাৰ ২ সংখ্যক বাৰ্ষিক অধিৱেশখনি এদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে হাওৰাঘাট তিনি আলি বড়ো মাধ্যম হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ছয় অগ্ৰণী বড়ো সংগঠনৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতে নয়ন ব্ৰহ্মৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাত বড়ো সমাজৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সামগ্ৰীক দিশত আলোচনা বিলোচনা কৰি বড়ো জনগোষ্ঠী কেনেকৈ উন্নতিৰ পথত আগুৱাই যাব পাৰিব আৰু শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰা হয় ।

সভাত হাওৰাঘাট তিনি আলি আঞ্চলিক পৰ্যায়ৰ এবচু, কছাৰী সমাজ, আবৌফ, বড়ো সাহিত্য সভা, গাওঁবুঢ়া সন্থা, হাৰিমু আফাদ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদকে ধৰি কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে ।

হাওৰাঘাটত ছয় বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি
'সৰস্বতী পূজা'ত নিৰ্যাতিত এজনী ছোৱালীক লৈ এখন চিনেমা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in