'সৰস্বতী পূজা'ত নিৰ্যাতিত এজনী ছোৱালীক লৈ এখন চিনেমা...

আহি আছে- এটা নিৰ্জন দুপৰীয়া
এটা নিৰ্জন দুপৰীয়া
এটা নিৰ্জন দুপৰীয়া

বহু দীৰ্ঘ বিৰতিৰ পিছত অসমীয়া ছবিজগতৰ এতিয়া জয় জয় ময় ময় অৱস্থা। ড০ বেজবৰুৱা, কাঞ্চনজংঘা, ৰঘুপতি, মিছন চাইনা, ৰাঘৱকে ধৰি বহু কেইখন ছবিক দৰ্শকে ছুপাৰহিট পৰ্যায়লৈ লৈ গ'ল। তাৰমাজতে বহু কেইখন অসমীয়া ছবি শক্তিশালী তথা সামাজিক দায়ৱদ্ধতাক লৈ প্ৰস্তুত কৰা হৈছিল যদিও দৰ্শকৰ আশানুৰূপ সহাঁৰি বুটলিব নোৱাৰিলে। ২০২৪বৰ্ষৰ প্ৰথমখন ছবি হিচাপে ছবিঘৰত মুক্তি পালে 'সত্য- দ্য ট্ৰুথ' নামৰ ছবিখন। ৰাজ্যৰ প্ৰায় ৩৮টা ছবিঘৰত মুক্তি দিয়া এই চিনেমাখনৰ পৰিচালক হৈছে ৰূপজ্যোতি বৰঠাকুৰ।

২৪ত বিশেষ কোনো বিগ বাজেটৰ অসমীয়া ছবি মুক্তি দিয়াৰ পৰিকল্পনা নাই যদিও গতানুগতিক ধাৰাৰ পৰা কিছু পৃথক কাহিনী আৰু পৃথক চিত্ৰনাট্যৰে দৰ্শকৰ বাবে সাজু কৰা হৈছে আন এখন অসমীয়া ছবি। ৰজত কমল বটাঁ বিজয়ী চিত্ৰ নিৰ্মাতা কিশোৰ খঞ্জন নাথে মুক্তিৰ বাবে প্ৰায় সাজু কৰি তুলিছে 'এটা নিৰ্জন দুপৰীয়া' নামৰ ছবিখন। আগন্তুক ১মাৰ্চত অসমৰ ১৯টা ছবিগৃহত মুক্তি লাভ কৰিব এঘন্টা পঞ্চল্লিশ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন।

এই LINKত ক্লিক কৰি চাওক, ছবিখনক লৈ প্ৰস্তুত কৰা এখন বিশেষ প্ৰতিবেদনঃ-

https://youtu.be/P1EXKbBPnRI

ছবিখনৰ সন্দৰ্ভত আমি পৰিচালক কিশোৰ খঞ্জন নাথৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছিলো। ছবিখনৰ বিষয়বস্তুৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়- এটা স্পৰ্শকাতৰ বিষয়ক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ বিষয়বস্তু সম্পূৰ্ণ নতুন। দৰ্শকে ছবিখন উপভোগ কৰি এক নতুনত্ব লাভ কৰিব। এহাল প্ৰেমিক-প্ৰেমিকাৰ কাহিনী আৰু অন্য কিছু আনুসংগিক বিষয়বস্তুক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে।'' ছবিখনক নাৰীকেন্দ্ৰিক বুলি কলেও ভুল কোৱা নহ'ব বুলি পৰিচালকে গৰাকীয়ে মত ব্যক্ত কৰে।

ছবিখনৰ চিত্ৰনাট্য কিশোৰ খঞ্জন নাথৰ সহিতে সুৰজ দুৱৰাই যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে। ছবিখন সুন্দৰকৈ সম্পাদনা কৰিছে ৰন্টু চেতিয়াই। ছবিখনৰ মাজত এটাও গীত নাই যদিও প্ৰচাৰৰ বাবে সুৰকাৰ দীপাংক শইকীয়াই এটি গীত প্ৰস্তুত কৰি উলিয়াইছে। এই গীতটোত কন্ঠদান কৰিছে জনপ্ৰিয় শিল্পী শংকুৰাজ কোৱঁৰে। দেৱজিত গায়নে শব্দ অলংকৰন আৰু মিশ্ৰণৰ দায়িত্ব পালন কৰিছে। ছবিখনৰ নামটোক লৈ পৰিচালক কিশোৰ খঞ্জন নাথে কয়- ''নামটোত যদিও এটা নিৰ্জন দুপৰীয়া বুলি আছে। আচলতে ছবিখনৰ কাহিনী ইয়াৰ সম্পূৰ্ণ ওলোটা।'' পৰিচালকে ছবিখন প্ৰথমৰ পৰা শেষলৈ দৰ্শকে কোনো নিৰ্জনতা বিচাৰি নাপায় বুলিও কয়।

ছবিখন বিশেষ হোৱাৰ আন এটা কাৰনো আছে। এটা নিৰ্জন দুপৰীয়া ছবিখন হৈছে অসমৰ দক্ষ অভিনেতা প্ৰয়াত বিজয় শংকৰ শইকীয়াই অভিনয় কৰা অন্তিমখন ছবি। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাজুলীয়ান কৌশিক নাথ আৰু নৱাগতা পাৰ্ভি বৰুৱাই। ইয়াৰোপৰি ছবিখনত জিতুমণি মহন্ত, ধণঞ্জয় দেৱনাথ, বিদ্যুত কুমাৰ নাথকে ধৰি কেইবাজনো অভিজ্ঞ অভিনেতাই অভিনয় কৰিছে। চিনেমালয় আৰু মিডল ফিংগাৰ ফিল্মছৰ বেনাৰ নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে ভাস্কৰ জ্যোতি ভূঞা আৰু চুনুমণি ভূঞাই। সহ প্ৰযোজক হিচাপে আছে লক্ষ্যৰাজ বসুমতাৰী আৰু বাপুকন চৌধাৰী।

ছবিখনত যথেষ্ট সংবেদনশীল তথা যৌন উত্তেজনক দৃশ্য সংলগ্ন কৰা হৈছে। কাহিনীৰ দাবীত এইসমূহ দৃশ্য সংলগ্ন কৰা হৈছে বুলি পৰিচালকে সদৰি কৰিছে। প্ৰাপ্তবয়স্ক দৰ্শকৰ ছবি হিচাপে স্বীকৃতি লাভ কৰা এই ছবিখন পৰিয়ালৰ সকলোলোকে একেলগে বহি চাব পৰা ছবি নহয় বুলিও পৰিচালকে আগতীয়াকৈ প্ৰকাশ কৰিছে। কাহিনীৰ সন্দৰ্ভত পৰিচালকে লগতে কয়- একাংশ খাকী পোছাকধাৰী নীচ মনোবৃত্তিক তুলাধুনা দি ছবিখনৰ কাহিনী পৰিসমাপ্তি ঘটোৱা হৈছে।

ছবিখনৰ কাৰিকৰী দিশটোও আন এটা উল্লেখনীয় দিশ। ছবিখনৰ ফটোগ্ৰাফীৰ পৰিচালনা কৰিছে তামিল চিনেমা উদ্যোগৰ সৈতে জড়িত দক্ষ আলোকচিত্ৰ শিল্পী চেন্নাইৰ জয়ন্ত সেতু মাধৱনে। ছবিখনৰ সন্দৰ্ভত পৰিচালক কিশোৰ খঞ্জন নাথে উল্লেখ কৰিছিল আন বহু কথা। কাহিনীৰ সন্দৰ্ভত তেওঁ কয়- ''এগৰাকী দেৱীক আমি যিদৰে পূজা কৰো। আচলতে বাস্তৱ জীৱনত এগৰাকী নাৰীক যদি সেই একেই মৰ্যদা প্ৰদান কৰা হয়, তেন্তে সমাজ বহু ওপৰলৈ উঠিব। কিন্তু বাস্তৱ পৃথিৱীত তেনে হৈ থকা নাই। এগৰাকী নাৰী আজিও বিভিন্ন পৰিস্থিতি লাঞ্চিত হবলগীয়া হয়। এই সকলোবোৰ বিষয় পুংখানুপুংখভাৱে অধ্যয়ন কৰি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰস্তুত কৰা হৈছে।''

পৰিচালকগৰাকীয়ে লগতে কয়- ''সৰস্বতী পূজাৰ এটা দিনত সংঘটিত এক যৌন নিৰ্যাতনৰ পৰিঘটনাক আধাৰ হিচাপে লৈ ছবিখনৰ কাহিনী আগবাঢ়িছে। সৰস্বতী পূজাৰ দিনটোত এহাল প্ৰেমিক-প্ৰেমিকাই কিন্তু ব্যক্তিগত সময় কটাবৰ বাবে হোটেলৰ ৰূম বিচাৰি যোৱা আৰু তাৰ পিছত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতি সুন্দৰকৈ ফুটাই তোলা হৈছে।'' মুঠৰ ওপৰত এই ছবিখনৰ যোগেদি পৰিচালকে আজিৰ সমাজত নাৰী যে এতিয়াও সুৰক্ষিত নহয় সেই কথাই ফুটাই তুলিব বিচাৰিছে।

সৰস্বতী পূজাৰ দিনটোত এগৰাকী নাৰীক বিদ্যালয়ৰ ভিতৰত প্ৰজ্ঞা আৰু জ্ঞানৰ দেৱী হিচাপে পূজা কৰাৰ সমান্তৰালকৈ বিদ্যালয়ৰ বাহিৰত তাৰ বিপৰীত কিছু ঘটনাক এই ছবিখনৰ জৰিয়তে পৰিচালকে উন্মুক্ত কৰিছে। ছবিখনৰ ব্যৱসায়ক লৈ কৰা চিন্তাৰ সন্দৰ্ভত পৰিচালকক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- মোৰ দৰে স্বাধীন পৰিচালকৰ বাবে চিনেমাৰ চিন্তা প্ৰথম আৰু দৰ্শক দ্বিতীয়। গতিকে এই ছবিখন ১০হাজাৰ দৰ্শকে উপভোগ কৰিলেও মোৰ বাবে সাফল্য।

মুঠৰ ওপৰত এখন অগতানুগতিক চিনেমা দৰ্শকক উপহাৰ দিবলৈ সাজু হৈছে পৰিচালক কিশোৰ খঞ্জন নাথ। ছবিখনত নৱাগতক বিশেষ প্ৰাধান্য দিয়া হৈছে যদি প্ৰতিগৰাকী দৰ্শকে এই চৰিত্ৰবোৰৰ মাজত কোনোবাখিনিত নিজকে বিচাৰি পাব বুলি কয় পৰিচালকে। এটা সপোন লৈ আগবঢ়া পৰিচালক কিশোৰ খঞ্জন নাথৰ এই যাত্ৰা সফলময় হওক, তাৰে কামনাৰে অলেখ অভিনন্দন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in