উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি থানেশ্বৰ বড়োক...

উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি থানেশ্বৰ বড়োক...

author-image
Asomiya Pratidin
New Update
উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি থানেশ্বৰ বড়োক...

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক। ৰঙিয়াৰ গড়কাত নিজ বাসগৃহত দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্তত অসুস্থ হৈ পৰা প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে কেইবাদিন ধৰি খাদ্যগ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাত হাস্পতালত ভৰ্তি কৰোৱাত দেহৰ বিভিন্ন অংশত পানী জমা হোৱাৰ কথা চিকিৎসকে জানিবলৈ দিছিল। থানেশ্বৰ বড়ো ৰাজ্য চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল ।

Also Read: কলিয়াবৰত বন্যহস্তীৰ আক্রমণ নিহত এজন...

ex minister rangia agp Education Minister thaneswar boro