বড়োচাৰৰ মৃত্যু অপৰাজেয়, সদায় স্মৃতিৰ পাটত চিৰস্মৰণীয় হৈ ৰবঃ ৰণোজ পেগু

পূৱ ৰঙিয়া জগদ্ধাত্ৰী প্ৰগতি ময়দানত অগপৰ শ্ৰদ্ধাঞ্জলি-স্মৃতিচাৰণ সভা। আধুনিক ৰঙিয়াৰ ৰূপকাৰ প্ৰয়াত থানেশ্বৰ বড়োৰ স্মৃতিত নিৰ্মাণ হ'ব আবক্ষ মূৰ্তি-পুথিঁভড়াল।
বড়োচাৰৰ মৃত্যু অপৰাজেয়, সদায় স্মৃতিৰ পাটত চিৰস্মৰণীয় হৈ ৰবঃ ৰণোজ পেগু

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ অসম গণ পৰিষদৰ উদ্যোগত প্ৰয়াত শিক্ষা আৰু ৰাজহমন্ত্ৰী তথা প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ বৃহস্পতিবাৰে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।‌ মূৰাৰাৰ জগদ্ধাত্ৰী প্ৰগতি ময়দানত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰণোজ পেগুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত থানেশ্বৰ বড়োৰ ৰাজনৈতিক দিশৰ উপৰি বড়োচাৰে সদায় শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ সৈতে কথা পতা কথা উল্লেখ কৰে। মৃত্যুৰ দুদিন আগতে শিক্ষাৰ বাবে প্ৰাথমিক বিদ্যালয়ত গুৰুত্ব দিবলৈ বিশেষভাবে উপদেশ দিছিল। তেখেতৰ জ্ঞানৰ প্ৰতি সদায় চিৰস্মৰণীয় হৈ আগবাঢ়ি যাম বুলি আলোকপাত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

সভাত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ একমাত্ৰ জীয়ৰী শশীপ্ৰভা বড়ো উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰয়াত বড়োচাৰৰ স্মৃতি সোঁৱৰাই বড়ো সমাজৰ লগতে অসমীয়া জাতিৰ যোগসূত্ৰ স্থাপনকাৰী আৰু বড়ো সাহিত্য সভাত নিৰৱে বহু অৱদান আগবঢ়াই থৈ থোৱা নতশিৰে জাতিটো জীয়াই থকালৈ চিৰস্মৰণীয় হৈ ৰব বুলি মন্তব্য কৰে।

সভাত কৃষি মন্ত্ৰী অতুল বৰাই প্ৰয়াত থানেশ্বৰ বড়ো চাৰৰ অগপৰ প্ৰতিষ্ঠা জীৱনৰ ৰাজনৈতিক অহোপুৰুষাৰ্থ কৰ্মৰাজিৰ লগতে তেখেতৰ স্মৃতিত অগপ দলেও বিশেষ কাৰ্যপন্থা হাতত লব বুলি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই প্ৰকাশ কৰে। সভাত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা‌ আৰু অৰ্ণৱ ভৰালীয়ে আঁত ধৰা সভাত প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰয়াত থানেশ্বৰ বড়োৰ জীৱনৰ স্মৃতি আৰু অগপৰ প্ৰতিষ্ঠাকালৰ ৰাজনৈতিক ইতিহাস বিষয়ে গভীৰভাৱে আলোকপাত কৰে।‌

ইফালে আজিৰ স্মৃতিচাৰণ সভাত সোৱঁৰণ কৰি বিধায়ক ভৱেশ কলিতাই ৰাজনৈতিক আৰু সামাজিক স্থিতিৰ ক্ষেত্ৰত দুৰ্গা পূজাৰ মাহাত্ম্যৰ কথা বড়োচাৰৰ অত্যাধিক জ্ঞানৰ ভড়ালৰ পৰা জানিবলৈ পাৰিছো বুলি উল্লেখ কৰে। আনহাতে একেদৰে সভাত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা,দিগন্ত কলিতা, কমলাকান্ত কলিতা, অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য, অগপ মহানগৰৰ পূৰৱী তালুকদাৰ, ৰঙিয়াৰ জ্যেষ্ঠ নাগৰিক সন্মিলন,অগপৰ ৰঙিয়াৰ সভাপতি লীলাধৰ শালৈ, কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালী, উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পালকে ধৰি অসম সাহিত্য সভা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নগৰ শাখা,অগপৰ মহানগৰ জিলাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু কেইবাটাও সংগঠন আদি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বড়োচাৰৰ মৃত্যু অপৰাজেয়, সদায় স্মৃতিৰ পাটত চিৰস্মৰণীয় হৈ ৰবঃ ৰণোজ পেগু
ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক চাহেদ আলীক বিদায় সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in