ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক চাহেদ আলীক বিদায় সম্বৰ্ধনা...

ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক চাহেদ আলীক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষানুষ্ঠান ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক তথা বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই অহা চাহেদ আলীয়ে বৃহস্পতিবাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

আদৰ্শবান শিক্ষক চাহেদ আলীয়ে ১৯৮৫ চনত ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ত যোগদান কৰি নিজৰ কৰ্ম দক্ষতাৰ বলত বিদ্যালয়ৰ লগতে স্থানীয় অঞ্চলজুৰি এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সহকাৰী শিক্ষক চাহেদ আলীক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় আমছু কৰ্মী সকলে আজি বিদ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত কৰে৷

এই মৰ্মে, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তমিজ আলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক চাহেদ আলীক এক আবেগিক পৰিবেশত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অশ্ৰুসিক্ত নয়নেৰে সম্বৰ্ধনা পত্ৰ, শৰাই, ধৰ্মীয় গ্ৰন্থ, কাপোৰ, ছাতি আৰু ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক আমিনুল হক চৌধুৰীয়ে আঁত ধৰা সভাখনিত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক চাহেদ আলীৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজীৰ ওপৰত বক্তব্য প্ৰদান কৰে।‌

সভাত SRP হেমন্ত কলিতা, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইমৰান হুছেইন, ধনীয়াভেটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গিয়াছ উদ্দিন, ভোমোৰাগুৰী স্বাহী ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক লিয়াকত আলী, গাঁও প্ৰধান মোজাহিদুল ইছলাম, লালু গাওঁ আঞ্চলিক এম ই স্কুলৰ প্ৰধান শিক্ষক তমিৰ আলী উপস্থিত থাকে।

লগতে লালুং গাঁও নিউ এল পি স্কুলৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম , শিক্ষক আতাবুৰ ৰহমান, আনোৱাৰ ইছলাম, কাসেম আলী, ভোমোৰাগুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ফজল হক, মাতৃ গোটৰ সভানেত্ৰী, সদস্যা , ছাত্ৰ- ছাত্ৰী, শিক্ষক গোট, পৰিচালনা সমিতিৰ সদস্য সদস্যা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অভিভাবককে ধৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।

ধনীয়াভেটী পথাৰ মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক চাহেদ আলীক বিদায় সম্বৰ্ধনা...
ৰীমালৰ তাণ্ডৱঃ দক্ষিণ শালমাৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি,উৰুৱাই নিলে চৰকাৰী কাৰ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in