চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ঘটিছে নাভূত নাশ্ৰুত ঘটনা

চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ঘটিছে নাভূত নাশ্ৰুত ঘটনা
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাট: পেটৰ প্ৰচণ্ড বিষত চিকিৎসকৰ ওচৰত দেখুৱাই উপসম পোৱাৰ স্বাৰ্থত পৰিয়ালৰ লোকে আশাৰে লৈ গৈছিল চৰকাৰী চিকিৎসালয়লৈ৷ কিন্তু চিটি স্কেনৰ ৰিপৰ্টৰ পৰিৱৰ্তে অন্য লোকৰ নামত থকা এক্সৰে ৰিপৰ্টকে পৰীক্ষাগাৰৰ পৰা দিয়াত চিকিৎসকে ৰিপৰ্ট চায় ৰোগীক দিলে কাঁহ আদিৰ লগত সম্পৰ্ক থকা দৰৱ৷ যাৰবাবে নিশা পেটৰ বিষ ক্ৰমাৎ বৃদ্ধি পোৱাত ৰোগীক লৈ যাব লগা হ’ল ব্যক্তিগত চিকিৎসকৰ কাষলৈ৷ এই ঘটনাটো সংঘটিত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ঘটিল এই আজৱ ঘটনা৷ জামুগুৰিহাটৰ চামধৰা গাঁৱৰ এগৰাকী ৪৬বছৰীয়া গজেন শইকীয়া যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈ আছিল পেটৰ বিষত৷ যাৰবাবে পৰিয়ালৰ লোকে ৰোহীক চিকিৎসা সেৱা লাভ কৰিবৰ বাবে লৈ গৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ৷ চিকিৎসকে ৰোগীৰ লগত কথা পাতি চিটি স্কেন কৰাৰ পৰামৰ্শ দিলে আৰু সেইমতেই ৰোগীৰ পৰিয়ালে ১১০০টকা মাচুল দি চিটি স্কেনৰ বাবে পৰীক্ষাগাৰলৈ লৈ যায়।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল যে চিকিৎসালয়খনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে গজেন শইৰীয়াৰ চিটি স্কেনৰ ৰিপৰ্টৰ পৰিৱৰ্তে দিলে ৫৫বছৰীয়া চি কে দাস নামৰ আন এজন ৰোগীৰ এক্সৰে ৰিপৰ্ট৷ সহজ সৰল ৰোগীজনৰ লগতে চিকিৎসালয়লৈ লৈ যোৱা ভাতৃয়েও আনি চিকিৎসকক ৰিপৰ্টতো জমা দিলে যদিও চিকিৎসকেও ৰোগীৰ নাম পৰীক্ষা নকৰি অন্য ৰোগীৰ নামত থকা এক্সৰে ৰিপৰ্টৰ মতেই দৰৱ লিখি দি ৰোগীক সেই দৰৱ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে৷

চিকিৎসকৰ পৰামৰ্শমতেই উভতি আহি ৰোগীয়ে দৰৱ সেৱন কৰি আছিল যদিও কোনো ফল নোপোৱাৰ লগতে বিষ ক্ৰমাৎ বৃদ্ধি পোৱাত দেওবাৰে পুনৰ তেজপুৰৰ ব্যক্তিগত চিকিৎসকৰ কাষলৈ পৰিয়ালৰ লোকে লৈ যোৱাতহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰৰ দায়িত্বজ্ঞানহীন কৰ্মচাৰীয়ে চিটি স্কেনৰ পৰিৱৰ্তে আনৰ নামৰ এক্সৰে ৰিপৰ্ট মতে চিকিৎসকেও দৰৱ লিখি দিয়া নাভুত নাশ্ৰুত ঘটনাতো পোহৰলৈ আহে৷

এতিয়া প্ৰশ্ন হয় এনেদৰেই দায়িত্ব পালন কৰে নেকি চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে? এজনৰ পৰীক্ষাৰ ৰিপৰ্ট আন এজনক দি ৰোগীৰ জীৱনলৈ বিপদ মাতি আনি আছে নেকি দায়িত্বত থকা কৰ্মচাৰীয়ে? ৰোগীৰ জীৱনক লৈ হেতালি খেলা এনেধৰণৰ কৰ্মচাৰীৰ ওপৰত মূখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহবান জনাইছে ৰোগীৰ পৰিয়ালবৰ্গই৷

চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ঘটিছে নাভূত নাশ্ৰুত ঘটনা
ড্ৰেগন ফলৰ খেতিৰে চৰ্চিত বাঁশবাৰীৰ খেতিয়ক সুজিত কুমাৰ মুছাহাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in