ড্ৰেগন ফলৰ খেতিৰে চৰ্চিত বাঁশবাৰীৰ খেতিয়ক সুজিত কুমাৰ মুছাহাৰী...

ড্ৰেগন ফলৰ খেতিৰে চৰ্চিত বাঁশবাৰীৰ খেতিয়ক সুজিত কুমাৰ মুছাহাৰী...
Published on
Updated on

ডিজিটেল সংবাদ,ধুবুৰী: উচ্চ শিক্ষা গ্ৰহণ কৰি কোনো যদি ভাল চিকিৎসক হয় তেন্তে কোনেৱে ভাল অভিযন্তা,ব্যৱসায়ী, শিক্ষক হোৱাৰ আশা মনত পুহি ৰাখে। কিন্তু গৌৰীপুৰৰ নিকটৱৰ্তী কাষৰীয়া বিটিএডিৰ বাঁশবাৰী এলেকাৰ এজন লোকে খেতিয়ক হোৱাৰ লক্ষ্য মনতে পুহি ৰাখিছে। ইতিমধ্যে বিভিন্ন খেতিৰে এজন আদৰ্শ খেতিয়ক হিচাপে অঞ্চলটোত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লোকজনে।

খেতিয়ক গৰাকীৰ কৰ্ম প্ৰচেষ্টাই অঞ্চলটোত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত থকা বিটিএডিৰ বাঁশবাৰী এলেকা নিৱাসী সুজিত কুমাৰ মুছাহাৰী (৫৪) য়ে তেওঁৰ নিজা প্ৰায় ৩ বিঘা খেতি মাটিত প্ৰায় ১৬০০ টা পুলিৰে ড্ৰেগন ফলৰ খেতি কৰি অভাৱনীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

কেৱল ড্ৰেগন ফলৰ খেতিয়েই নহয় সুজিত কুমাৰ মুছাহাৰীয়ে বিভিন্ন শাক পাচলি, ফল-মূল, ভেনিলা প্লেণ্টৰো খেতি কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, লক ডাউনৰ সময়ত প্ৰথমে তেওঁ ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ ড্ৰেগন ফলৰ উৎপাদন ক্ৰমাণ্বয়ে বৃদ্ধি পোৱাত দূৰ-দূৰণিৰ পৰা বহু লোক, ব্যৱসায়ীয়ে সুজিত কুমাৰ মুছাহাৰীৰ ঘৰৰ পৰাই ড্ৰেগন ফল ক্ৰয় কৰি লৈ গৈ আছে।

সুজিত কুমাৰ মুছাহাৰীয়ে কয় যে, তেওঁ ড্ৰেগন ফলৰ খেতি কৰি যথেষ্ট সুখী অনুভৱ কৰে। বৰ্তমানলৈ তেওঁ বিভিন্ন ফল-মূলৰ খেতি কৰিছে যদিও অৰ্থৰ অভাৱত তেওঁৰ এই খেতিৰ পৰিসৰ টোক আৰু বেছি দূৰলৈ আগবঢ়াই লৈ যাব পৰা নাই। মুছাহাৰিৰ পৰিয়ালে তেওঁক সকলো সময়ত সহযোগ কৰি অহা বুলি জানিব লৈ দিয়ে। যদি চৰকাৰৰ ফালৰ পৰা এইক্ষেত্ৰত কোনো সহায় বা সহযোগ পালেহেঁতেন তেন্তে তেওঁৰ খেতিৰ পৰিসৰটো স্বাভাৱিকতেই বৃদ্ধি হয় বুলি আশা প্ৰকাশ কৰে মুছাহাৰীয়ে।

ড্ৰেগন ফলৰ খেতিৰে চৰ্চিত বাঁশবাৰীৰ খেতিয়ক সুজিত কুমাৰ মুছাহাৰী...
উৎপল শইকীয়ালৈ ২০২৪বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in