/asomiyapratidin/media/media_files/2025/06/03/sD7p9cvip3uPq1JFoqgk.jpg)
শতবৰ্ষ গৰকিলে 'তেজপুৰৰ লিচু'ৱে
ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা আৰম্ভ হল তেজপুৰ লিচু উৎসৱ-২০২৫। জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বন্তি প্ৰজ্জ্বলন কৰি শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই উৎসৱত তেজপুৰৰ বিখ্যাত লিচুৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে লিচু খেতিৰ স্বাৱলম্বিতা বৃদ্ধি কৰা আৰু ফলৰ বজাৰত স্থান লাভ কৰা। এই উপলক্ষ্যে ৩ জুনত পুৱা ১০ বজাৰ পৰা ভাৰতীয় ৰেডক্ৰছ চচাইটিৰ শোণিতপুৰ জিলা শাখাৰ কাৰ্যালয়ৰ সভাকক্ষ, গণেশঘাটত আয়োজিত কৰা হৈছে বিশেষ অনুষ্ঠানৰ।
এই অনুষ্ঠানৰ এই বৰ্ষৰ মূল কাৰ্যসূচী হ'ল- তেজপুৰৰ বিভিন্ন জাতৰ সুস্বাদু, মঙহাল, সতেজ লিচুৰ প্রদর্শনী তথা বিক্রী, লিচু বাগিচা পৰিদৰ্শন আৰু পৰম্পৰাগত চাষ পদ্ধতিৰ প্ৰদৰ্শন, জিআই টেগ প্ৰাপ্ত তেজপুৰ লিছুৰ সম্ভাৱনা উন্মোচন' শীর্ষক বিষয়ক আলোচনা চক্র, শতবর্ষ উদযাপন সন্দর্ভত প্রস্তাৱ আৰু আলোচনা, ক্রেতা-বিক্রেতাৰ মাজত মতবিনিময়, য' ত বিক্রেতা আৰু ক্ৰেতাৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰা আদি কাৰ্যসূচী হাতত লোৱা হৈছে।
উল্লেখযোগ্য যে, ১৯২২ চনত সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰৰ লিচু পুখুৰীত স্থাপন কৰিছিল এখন লিচু বাগান। ঠিক একেই আৰ্হিতে ১৯৫৪ চনত সূৰ্য্য প্ৰসাদ সিঙেও তেজপুৰৰ পৰুৱাত স্থাপন কৰিছিল আন এখন লিচুৰ বাগান। লাহে লাহে লিচুৱে অঞ্চলটোত লাভ কৰিলে প্ৰসাৰতা। এই বিশ্ববিখ্যাত লিচুৰ বাগান কেইখনত ৬ বিধ সুস্বাদু লিচু পোৱা যায়। ইতিমধ্যে শতবৰ্ষ গৰকিলে তেজপুৰৰ লিচুৱে।
এইবাৰ বম্বাই - ৮০ টকা, বিলাতী - ৪০ টকা, ৰংগীয়া - ২৫ টকা, ইলাছি - ২০ টকা, পিয়াজী - ২০ টকা, চাহী -৮ টকা নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে তেজপুৰৰ লিচুৱে দেশক লগতে বিদেশতো স্বীকৃতি লাভ কৰি আহিছে যদিও পূৰ্বতকৈ উৎপাদন আৰু আকাৰ কমিছে। অৱশ্যে বৰ্তমানেও একেই আছে এই লিচুৰ চাহিদা। এইবৰ্ষৰ লিচুৰ বজাৰখনক লৈও আশাবাদী তেজপুৰৰ কৃষকসকল।