শিশু ধৰ্ষণকাৰী টেট শিক্ষক গৌতম নাথক গ্ৰেপ্তাৰ...

শিশু ধৰ্ষণকাৰী টেট শিক্ষক গৌতম নাথক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
শিশু ধৰ্ষণকাৰী টেট শিক্ষক গৌতম নাথক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত ২৬ মে'ত গৌতম নাথ নামৰ এজন টেট শিক্ষকৰূপী লম্পটে শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল ৯ বছৰীয়া এগৰাকী ছাত্ৰীক । এই জঘন্য ঘটনাটো কেইদিনমানৰ আগতেই ঘটি গৈছে যদিও শুকুৰবাৰে পোহৰলৈ অহাত ৰংকুট তথা সমগ্ৰ হাওৰাঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

শনিবাৰে পুৱা ৭বজাত গৌতম নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰীগৰাকীৰ মোমায়েক আৰু ৰংকুটৰ সচেতন ৰাইজে অপৰাধীক ফাঁচি দিয়াৰ দাবী জনাইছে ।

এই সন্দৰ্ভত আজি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ডিফুৰ পৰা অহা কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয়। সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য আগবঢ়ায় কয় অপৰাধীৰ বিৰুদ্ধে শিশু পকচ' আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি অৱগত কৰে ।

Also Read: ৰহাত ভয়াৱহ ৰূপ লৈছে কলঙৰ মথাউৰিয়ে

hauraghat