ৰহাত ভয়াৱহ ৰূপ লৈছে কলঙৰ মথাউৰিয়ে

ৰহাত ভয়াবহ ৰূপ লৈছে কলঙৰ মথাউৰিয়ে

author-image
Asomiya Pratidin
New Update
ৰহাত ভয়াৱহ ৰূপ লৈছে কলঙৰ মথাউৰিয়ে

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত ভয়াৱহ হৈ পৰিছে কলঙৰ মথাউৰি তথা একমাত্ৰ যাতায়াতী পথ। কলঙৰ বাঢ়নি পানীৰ ফলত ৰহাচকীত পলকতে বহি গৈছে মথাউৰি তথা মূলপথ। শনিবাৰে ৰহা চকীৰ ৰে'লৱে দলঙৰ তলত মূল যাতায়াতী পথটো হঠাতে বহি যোৱাত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ।

Advertisment

ৰহা ৰাজহ চক্ৰ বিষয়া, ৰে'ল বিভাগৰ বিষয়া উক্ত স্থানত উপস্থিত হৈ জেং-বাঁহ পুতি পথত যান-বাহন চলাচল বন্ধ কৰি দিছে। উল্লেখ্য যে ২০২২চনত কলঙৰ প্ৰলয়ংকৰী বানে ৰহাচকীত এই অংশতে তচনচকৈ ভাগি নিছিল। পিচত ৰে'ল বিভাগে ৰে'ল দলং সুৰক্ষাৰ ব্যৱস্থা কৰিলে যদিও ৰাজ্যৰ লোকনিৰ্মাণ বিভাগ তথা জলসম্পদ বিভাগে পথটো উপযুক্ত মেৰামতি নকৰাৰ বাবে এতিয়া এনেদৰে পথটো বহি দ-গাঁতৰ সৃষ্টি হৈছে। ফলত যাতায়াত বন্ধ হৈ পৰাৰ লগতে বানে খহাই নিয়াৰ আশংকা কৰা হৈছে। পথটো খহাই নিলে সমগ্ৰ ৰহা চহৰকে ধৰি পশ্চিম নগাঁও, মৰিগাঁও জিলা প্লাৱিত হ'ব।

Also Read: কাইলে অৰুণাচল-ছিকিমত বিধানসভা নির্বাচনৰ ভোটগণনা....

kolong river raha