/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ ডিমৌ-চিচিটঙানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ ৰণক্ষেত্ৰত পৰিণত হয় কাৰ্য্যালয়টো ৷ জানিব পৰা অনুসৰি নৱ গঠিত ডিমৌ পঞ্চায়তৰ শুক্ৰবাৰে শপত গ্ৰহণ অনুষ্ঠান আছিল ।
পঞ্চায়টোৰ দহ গৰাকী নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ মাজৰ ছয় গৰাকী ৱাৰ্ড সদস্যৰ সন্মতিত ৬ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মৰমী বসুমতাৰীক সভানেত্ৰী হিচাপে প্ৰক্ষেপ কৰি শপত গ্ৰহণ কৰিবলৈ যায় । সেই সময়তে একাংশ দুস্কৃতিকাৰীয়ে উন্নয়ন খণ্ডৰ চৌহদত প্ৰৱেশ কৰি বিপুল টায়ে নামৰ সদস্য জনক অপহৰণ কৰা বুলি অভিযোগ তুলি হাতে হাতে লাঠি লৈ শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হ'বলৈ যোৱা জনতাৰ ওপৰত জঁপিয়াই পৰে ।
তেনে সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াৰ ওপৰতো জপিয়াই পৰে দুস্কৃতিকাৰীসকল ৷ সাংবাদিকগৰাকীক আক্ৰমণ কৰি দুস্কৃতিকাৰীয়ে সাংবাদিকজনৰ মোবাইলটো কাঢ়ি লৈ যায় ৷ উপায়ন্তৰ সাংবাদিকজনে যেনে তেনে সেই ঠাইৰ পৰা দৌৰি পলাই জীৱন ৰক্ষা কৰে ৷
এনে সাংবাদিকক আক্ৰমন কৰা ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইফালে পৰিস্থিতিৰ উত্তপ্ত
হোৱাত উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ে অনিদিৰ্ষ্টি সময়লৈ শপত গ্ৰহণ স্থগিত ৰখিবলগীয়া হয় । আনহাতে ক্ষুব্ধ ৱাৰ্ড সদস্য সকলে দীপাত এখন সংবাদমেল অনুষ্ঠিত কৰে ৷