লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত অস্থায়ী শ্ৰমিকৰ কৰ্মবিৰতি

লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত অস্থায়ী শ্ৰমিকৰ কৰ্মবিৰতি
Published on
Updated on

ডিজিটেল সংবাদ, চৰাইদেউঃ সোমবাৰ পৰা চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত দীৰ্ঘদিন ধৰি নিয়োজিত হৈ অহা শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকসকলে ন্যায্য প্ৰাপ্য বিচাৰি ৭২ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী আজি দ্বিতীয় দিনাও অব্যাহত আছে ৷ উল্লেখ যে, তাপ বিদ্যুত কেন্দ্ৰটোৰ অস্থায়ী কৰ্মচাৰী মঞ্চই শ্ৰমিকসকলৰ স্বাৰ্থ বিঘ্নিত হোৱা সমস্যাসমূহ সমাধানৰ হকে কতৃপক্ষ বহুবাৰ লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কতৃপক্ষই কোনো ধৰণৰ গুৰুতৰোপ নকৰাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল৷

পৰৱৰ্তী সময়ত দুয়ো পক্ষই মাজত হোৱা আলোচনা মৰ্মে শ্ৰমিকসকলৰ দাবী পূৰণ কৰা আশ্বাস প্ৰদান কৰে ৷ কিন্ত অতি পৰিতাপৰ বিষয় যে অস্থায়ী শ্ৰমিক সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে দীৰ্ঘ দিন ধৰি দাবী আৰু আলোচনা কৰি আহিছে যদিও আজিকোপতি বিভাগীয় কৰ্তৃপক্ষই এই দাবীসমূহ পূৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰবাবে শ্ৰমিকসকল ক্ষুব্ধ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে ৷ ইফালে প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবীসমূহ বিভাগীয় কৰ্তৃপক্ষই কাৰ্যকৰী নকৰিলে অহা ১৬ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ শ্ৰমিকসকলে অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিব বুলি কৰ্তৃপক্ষক সকিয়াই দিছে ৷

লাকুৱা তাপ বিদ্যুত কেন্দ্ৰত অস্থায়ী শ্ৰমিকৰ কৰ্মবিৰতি
চতিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in