ডিজিটেল সংবাদ, জামুগুৰিহাট: কেতিয়াবা যদি সাধাৰণ গ্ৰাহকলৈ লাখ লাখ টকাৰ বিদ্যুত বিল পঠিয়াইছে কেতিয়াবা আকৌ বিদ্যুৎ সংযোগ নথকা গ্ৰাহকৰ নামটো পঠাইছে একোখন অদ্ভুত বিদ্যুতৰ বিল। চতিয়াৰ দক্ষিণ অঞ্চলৰ বাংকামাৰী অংগনবাড়ী কেন্দ্ৰটোত বহু দিন পূৰ্বেই চতিয়া বিদ্যুৎ উপসংমণ্ডল কাৰ্য্যালয়ে এপিডিচিএলৰ তৰফৰ পৰা বৈদ্যুতিক মিটাৰ সংস্থাপন কৰিছিল যদিও দিয়া নাছিল বিজুলী সংযোগ।
অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী আৰু পৰিচালনা সমিতিয়ে চতিয়া বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক অনুৰোধ জনাই অহাৰ পিছতো লাভ নকৰিলে বিদ্যুৎ সংযোগৰ ব্যৱস্থা। কিন্তু ইয়াৰ পিছতো ঘটিল এই অদ্ভুত কাণ্ড৷ চতিয়াৰ বাংকামাৰী অংগনবাড়ী কেন্দ্ৰটোলৈ বিদ্যুত বিভাগে প্ৰতি মাহে প্ৰেৰণ কৰি থাকিল বিদ্যুতৰ বিল।
উল্লেখযোগ্য যে বিদ্যুৎ বিতৰণ বিভাগৰ বিশেষ এপৰ জৰিয়তে ম'বাইলৰে বৈদ্যুতিক মিটাৰৰ ফটো মাৰি বিল বনোৱা হয়৷ কিন্তু আশ্চৰ্যকৰ যে বিভাগীটোৰ কৰ্মচাৰীয়ে সংযোগ বিহীন মিটাৰত কেনেকৈ ফটো মাৰি বনালে বিল। বিদ্যুৎ বিভাগৰ এই কাণ্ডৰ পিছত এপটোৰ বিশ্বাসযোগ্যতা কিমান ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে।