জামুগুৰিহাটৰ মৰিসুতি মহিলা সমিতিৰ উদ্যোগত তীজ সমাৰোহ উদযাপন

জামুগুৰিহাটৰ মৰিসুতি মহিলা সমিতিৰ উদ্যোগত তীজ সমাৰোহ উদযাপন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ মৰিসুতি মহিলা সমিতিৰ উদ্যোগত তীজ সমাৰোহ উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুতিত শনিবাৰে গোৰ্খা মহিলা সকলৰ পবিত্ৰ হৰিতালিকা তীজ সমাৰোহ উদযাপন কৰা হয়। মৰিসুতিৰ মহিলা সমিতিৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক হৰিতালিকা তীজ সমাৰোহ বিৰছা মুণ্ডা ভৱনত অনুষ্ঠিত হয়।পুৱাই বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দীপক নেৱাৰে।

Advertisment

তীজ সমাৰোহ উপলক্ষে সৰবৰাহী মহিলা মায়া বৰাইলিৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীৰ আঁত ধৰে গোমা পোখড়েলে।দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত মহিলা তথা যুৱতীসকলে নৃত্য গীত পৰিৱেশন তথা নৃত্যৰ অনুষ্ঠানে ৰাইজক আপ্লুত কৰে ৷ অনুষ্ঠানত শিক্ষক যুৱৰাজ দাহাল‌, সমাজকৰ্মী ডম্বৰু গজুৰেল, মায়া কটোৱালকে ধৰি গণ্য-মান্য ব্যক্তি সকলে অংশগ্ৰহণ কৰে৷

Also Read: কচুতলী ঘটনাৰ প্ৰতিবাদত কাজলগাঁৱত এবিএমছুৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী...

teej