কচুতলী ঘটনাৰ প্ৰতিবাদত কাজলগাঁৱত এবিএমছুৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী...

কচুতলী ঘটনাৰ প্ৰতিবাদত কাজলগাঁৱত এবিএমছুৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী...

author-image
Asomiya Pratidin
New Update
কচুতলী ঘটনাৰ প্ৰতিবাদত কাজলগাঁৱত এবিএমছুৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী...

ডিজিটেল সংবাদ, চিৰাং: সোণাপুৰৰ কচুতলীত উচ্ছেদৰ নামত অসম আৰক্ষীৰ বৰ্বৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু য়ে বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

Advertisment

অসম চৰকাৰে উচ্ছেদৰ নামত ধৰ্মীয় সংখ্যালঘু লোকক লক্ষ্য কৰি গুলীয়াই হত্যা কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই চিৰাং জিলা এবিএমছুৰ শতাধিক নেতা-কৰ্মী সকলে কাজলগাঁৱৰ বৰতালোৱাত অৱস্থান কৰি বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, উচ্ছেদৰ নামত নিৰীহ ধৰ্মীয় সংখ্যালঘু লোকক গুলীয়াই হত্যা কৰা অসম আৰক্ষী হায় হায়, অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক, অসম আৰক্ষী গ'বেক আদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়ণ কৰে।

চিৰাং জিলা এবিএমছুৰ আজিৰ এই বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এবিএমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে কয় যে, অসম চৰকাৰে ধৰ্মীয় সংখ্যালঘু লোক সকলক উচ্ছেদৰ নামত অমানৱীয় আচৰণ, নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ দৰে ঘটনাক আমি তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছো।

লগতে কয় যে,সোণাপুৰৰ উচ্ছেদিত লোক সকলক বাংলাদেশী বুলি অপবাদ জাপি দিয়া হৈছে, তেওঁলোক আচলতে ভাৰতীয় নাগৰিক আৰু নৈৰ গৰাখহনীয়াৰ ফলত ভূমিহীন, গৃহহীন হোৱা লোক বুলি দাবী কৰে। চৰকাৰী ভূমি বেদখলমুক্ত কৰা কাৰ্য্যক আমি বিৰোধীতা নকৰো কিন্তু বিভিন্ন প্ৰাকৃতিক কাৰণত গৃহহীন হোৱা ভাৰতীয় নাগৰিক সকলে যদি বাধ্যত পৰি কৰবাত থিতাপি লৈছিল সেই সকলক আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে তাৰ পাছত উচ্ছেদ কৰক আমাৰ কবলগীয়া নাই বুলি উল্লেখ কৰে।

কিন্তু বিজেপি নেতৃত্বাধীন অসম চৰকাৰে তাকে নকৰি ধৰ্মীয় সংখ্যালঘু লোক সকলক লক্ষ্য কৰি অমানৱীয় ভাবে হত্যাযজ্ঞৰ মাজেদি উচ্ছেদ অভিযান চলোৱা কেতিয়াও সহ্য কৰা নহব। অসম চৰকাৰে এনে ধৰণৰ বৰ্বৰ উচ্ছেদ অভিযান যদি আগলৈ বন্ধ নকৰে তেনেহ'লে সমগ্ৰ ৰাজ্যজুৰি বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে এবিএমছুৰ নেতা জনে। অনুৰূপ ধৰণে জিলা এবিএমছুৰ সভাপতি আতোৱাৰ ৰহমানেও উচ্ছেদৰ নামত ধৰ্মীয় সংখ্যালঘু লোক সকলৰ ওপৰত চলোৱা নিৰ্যাতনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি তীব্ৰ সমালোচনা কৰে।

Also Read: Sonapur Eviction: কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা কংগ্ৰেছ প্ৰতিনিধি দলক...

kajolgaon protest