মেট্ৰ' প্ৰকল্পই নি:শেষ কৰি অনা আৰে অৰণ্যক জীয়াই ৰখাৰ শেষ প্ৰচেষ্টা প্ৰমিলাৰ…

মেট্ৰ' প্ৰকল্পই নি:শেষ কৰি অনা আৰে অৰণ্যক জীয়াই ৰখাৰ শেষ প্ৰচেষ্টা প্ৰমিলাৰ…

author-image
Asomiya Pratidin
New Update
মেট্ৰ' প্ৰকল্পই নি:শেষ কৰি অনা আৰে অৰণ্যক জীয়াই ৰখাৰ শেষ প্ৰচেষ্টা প্ৰমিলাৰ…

ডিজিটেল ডেস্ক : আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ বিশাল চেন্ট্ৰেল পাৰ্কতকৈও চাৰি গুণ বৃহৎ এক অৰণ্য লুকাই আছে মায়ানগৰী মুম্বাইৰ বুকুত । এই অৰণ্যখনতেই বহু দশকৰ পৰাই সহবাস কৰি আহিছে হ্ৰিংস্ৰ নাহৰফুটুকী বাঘ আৰু বহু কেইটা জনগোষ্ঠীৰ লোকে । কিন্তু নৱ্য উদাৰবাদৰ কবলত পৰা দেশৰ পূঁজিপতিৰ দৃষ্টিৰ পৰা সাৰি নগ'ল এই অৰণ্যখনো । আৰে নামৰ অৰণ্যখন এতিয়া মুম্বাই মেট্ৰ' প্ৰকল্পৰ কোপদৃষ্টিত । মহানগৰ সম্প্ৰসাৰণৰ লক্ষ্যেৰে এফালৰ পৰা নি:শেষ কৰি অনা হৈছে আৰে অৰণ্য ।

Advertisment

কিন্তু প্ৰশাসনৰ এই লোলোপ দৃষ্টিৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে পৰিৱেশ কৰ্মীৰ এটি দলে । আৰে অৰণ্যৰ সভাপতি প্ৰমিলা ভইৰ নেতৃত্বত এদল মহিলাই সকলো সময়তেই সুৰক্ষা দি আহিছে অৰণ্যখনক । এই অৰণ্যখনেই হৈছে প্ৰমিলাৰ সৈতে আন ৮ হেজাৰ লোকৰ বাসগৃহ । ইয়াৰ ওপৰিও বিলুপ্তপ্ৰায় নাহৰফুটুকী বাঘৰো বিচৰণস্থলী এই অৰণ্যখন । তেনেস্থলত মেট্ৰ' প্ৰকল্পৰ নামত অৰণ্যখন ধ্বংস কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে মুম্বাই পৌৰ নিগম ।

উল্লেখ্য যে, ২০১৯ চনতেই আৰম্ভ কৰ‍া হৈছিল আৰে অৰণ্যৰ ওপৰত চলা এই অত্যাচাৰৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল প্ৰমিলা । প্ৰমিলা তথা আৰে অৰণ্য সুৰক্ষা কৰ্মী সকলৰ তুমুল প্ৰতিবাদত উচ্চতম ন্যায়ালয়ে নিৰ্বনীকৰণ স্তব্ধ ৰখাৰ আদেশ জাৰী কৰিছিল যদিও শেহতীয়াকৈ মহাৰাষ্ট্ৰত ৰাজ্য চৰকাৰ সলনি হোৱাৰ পাছত পুনৰাই আৰে অৰণ্যক তহিলং কৰাৰ নিৰ্দেশ দিছে চৰকাৰে । ইয়াৰ সৈতেই পুনৰাই সৰৱ হৈ উঠিছে প্ৰমিলা আৰু পৰিৱেশ কৰ্মীৰ দলটো ।

আৰু পঢ়ক : বিজয় হাজাৰে ট্ৰফীঃ নিতীশ ৰানা নেতৃত্বাধীন দিল্লীৰ বিৰুদ্ধে অসম...

aarey forest mumbai