বিজয় হাজাৰে ট্ৰফীঃ নিতীশ ৰানা নেতৃত্বাধীন দিল্লীৰ বিৰুদ্ধে অসম...

অসমৰ হৈ ৰাহুল হাজৰিকাই ৬১ ৰানৰ অৰ্ধ শতকীয় ইনিংছ খেলে
দিল্লীৰ বিৰুদ্ধে অসম
দিল্লীৰ বিৰুদ্ধে অসম

ডিজিটেল ডেস্কঃ সম্প্ৰতি বি চি চি আইৰ তত্বাৱধানত দেশৰ ভিন্ন প্ৰান্তত চলি আছে বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট। য'ত অংশগ্ৰহন কৰিছে আই পি এলক প্ৰতিনিধিত্ব কৰা নিতীশ ৰানা য়শ ধুল,আয়ুস বাদানী, ললিত যাদৱ, আদিৰ দৰে ক্ৰিকেটাৰে।

সেই অনুসৰি বুধবাৰে বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে শক্তিশালী দিল্লী আৰু অসমৰ মেচ। টছত জয়ী হৈ নিতীশ ৰানা নেতৃত্বাধীন দিল্লীয়ে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু অসমক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়।

অসমে প্ৰথম ইনিংছত ৫০ অভাৰৰ মেচখনত ৪৯.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২৫০ ৰান সংগ্ৰহ কৰে। অসমৰ হৈ ৰাহুল হাজৰিকাই ৬১ ৰানৰ অৰ্ধ শতকীয় ইনিংছ খেলে। তাৰ বিপৰিতে পূৰ্বৰ মেচত শতকীয় ইনিংছ খেলা প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগে নিতীশ ৰানাৰ বলত কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। দিল্লীক জয়ৰ বাবে অসমে বান্ধি দিয়া ২৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ বাতৰি লিখা পৰলৈকে দিল্লীয়ে ২টা উইকেটৰ বিনিময়ত ৭৩ ৰানত বেটিং কৰি আছে।

আৰু পঢ়কঃ শ্বিলং নাযাব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in