বছৰৰ আৰম্ভণিতে পাণ্ডিয়াৰ নেতৃত্বত টীম ইণ্ডিয়াই দখল কৰিব শৃংখলা !

অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত বছৰৰ প্ৰথমখন টি-২০ মেচ জয়ৰ লক্ষ্য টীম ইণ্ডিয়াৰ
বছৰৰ আৰম্ভণিতে পাণ্ডিয়াৰ নেতৃত্বত টীম ইণ্ডিয়াই দখল কৰিব শৃংখলা !
বছৰৰ আৰম্ভণিতে পাণ্ডিয়াৰ নেতৃত্বত টীম ইণ্ডিয়াই দখল কৰিব শৃংখলা !

ডিজিটেল ডেস্ক: ২০২৩ চনৰ নতুন বছৰত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ শৃংখলা ঘৰৰ মাটিত খেলি আছে ভাৰতীয় ক্ৰিকেট দলে। জয়ৰে আৰম্ভ কৰা এই শৃংখলাৰ আজিৰ দ্বিতীয়খন মেচ সন্ধিয়া ৭ বজাৰ পৰা পুনেত অনুষ্ঠিত হ'ব।

৩ খন মেচৰ এই শৃংখলা দখল কৰিবলৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত আজি খেল পথাৰত নামিব ভাৰতীয় দলটো। ইতিমধ্যে মঙলবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হৈ যোৱা শৃংখলাৰ প্ৰথমখন ৰোমাঞ্চকৰ মেচত বিজয় সাব্যস্ত কৰি প্ৰচুৰ আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো।

সেয়ে ক্ৰিকেট বিশেষজ্ঞসকলেও দ্বিতীয়খন টি-২০ ত ভাৰতকেই ফেভাৰিট আখ্যা দিছে। তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ আজিৰ মেচখনত জয়লাভ কৰিব পাৰিলেই ২-০ অগ্ৰগতিৰে বছৰৰ প্ৰথমখন শৃংখলা দখল কৰিব পাৰিব টীম ইণ্ডিয়াই।

উল্লেখ্য যে, প্ৰথন মেচখনত ভাৰতীয় বেটছমেনসকলে নিজৰ সামাৰ্থ্য অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাছিল যদিও আজিৰ মেচখনত খেলুৱৈসকলে নিজৰ সামাৰ্থ্য অনুসাৰে খেলিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক পাণ্ডিয়াই। ইফালে মঙলবাৰে হৈ যোৱা প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰিব নোৱাৰিলেও আজিৰ মেচখনত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ'ব বুলি আত্মবিসশ্বাসী সিংহল বাহিনী।

পৰিসংখ্যাৰ দিশটোলৈ লক্ষ্য কৰিলে দুয়োটা দলৰ তুলনাত ভাৰতীয় দলটো যথেষ্ট আগবাঢ়ি আছে। দুয়োটা দলে এতিয়ালৈকে ২৬ খন টি-২০ মেচত মুখামুখি হৈছে, য'ত ভাৰতে ১৭ খন মেচতেই ভাৰতে বিজয় সাব্যস্ত কৰিছে। এই পৰ্যন্ত শ্ৰীলংকাই মাত্ৰ ৮ খন টি-২০ত হে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in