আৰম্ভ হ'ল সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং কালিয়নি অপেন টেনিছ-২০২৩ প্ৰতিযোগিতা

আৰম্ভ হ'ল সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং কালিয়নি অপেন টেনিছ-২০২৩ প্ৰতিযোগিতা
আৰম্ভ হ'ল সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং কালিয়নি অপেন টেনিছ-২০২৩ প্ৰতিযোগিতা

ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড় শোধনাগাৰৰ কালিয়নী ক্লাবৰ উদ্যোগত আৰু অসম টেনিছ সন্থাৰ সৌজন্যত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ১৫ সংখ্যক সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কুঞ্জকাননৰ টেনিছ চৌহদত দুই শতাধিক টেনিছ প্ৰতিযোগী, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুৰ দত্তই ৷

এই প্ৰতিযোগিতাসমূহৰ দ্বাৰা অসমৰ যুৱক-যুৱতীসকলে দেশ তথা বিশ্বৰ ক্ৰীড়া জগতত খোপনি পুতিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে টেনিছ সন্থাৰ সম্পাদক গৰাকীয়ে ৷ ৫ জানুৱাৰীৰ পৰা ৮ জানুৱাৰী পৰ্যন্ত কুঞ্জকাননৰ কালিয়নী ক্লাবৰ দ্বাৰা অনুস্থিত প্ৰতিযোগিতা শৃংখলাবদ্ধ ভাবে সামৰণি পৰাৰ আশা প্ৰকাশ কৰিছে উদযাপন সমিতিৰ সম্পাদক শুভংকৰ নাথে ৷

ক্লিক কৰি পঢ়কঃ নিশাৰ আলহী হৈ আহিল বাঘৰ পোৱালি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in