২৩ বছৰ পুৰণি পৰাজয়ৰ প্ৰতিশোধ সম্পূৰ্ণ : ক্ৰিকেটত ভাৰতেই শ্ৰেষ্ঠ !

২৩ বছৰ পুৰণি পৰাজয়ৰ প্ৰতিশোধ সম্পূৰ্ণ : ক্ৰিকেটত ভাৰতেই শ্ৰেষ্ঠ !
২৩ বছৰ পুৰণি পৰাজয়ৰ প্ৰতিশোধ সম্পূৰ্ণ : ক্ৰিকেটত ভাৰতেই শ্ৰেষ্ঠ !

ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্ববৃহৎ বিজয়েৰে ইতিহাস ৰচনা কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে। তিনিখন এদিনীয়া মেচৰ শৃংখলাৰ অন্তিমখন মেচত শ্ৰীলংকাক ভাৰতে ৩১৭ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি এই ইতিহাস লিপিবদ্ধ কৰিছে।

নতুন বছৰত নতুন ইতিহাস লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে এই ইতিহাস লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত ১৫ বছৰৰ পুৰণি অভিলেখ ভংগ কৰিলে। ১৫ বছৰৰ পূৰ্বে ২০০৮ চনত নিউজিলেণ্ডে আয়াৰলেণ্ডক ২৯০ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি এদিনীয়া ক্ৰিকেটত সৰ্ববৃহৎ বিজয় সাব্যস্ত কৰিছিল।

ভাৰতৰ এই ঐতিহাসিক বিজয়ৰ আঁৰত আছিল বিৰাট কোহলি, শুভমন গিল আৰু মহম্মদ ছিৰাজ। কোহলিয়ে আজিৰ মেচখনত অপৰাজিত ভাৱে ১৬৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগে লগে কোহলিৰ এদিনীয়া ক্ৰিকেটত ৪৬ টা শতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। একে সময়তে শুভমন গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়টো শতক কৰিবলৈ সক্ষম হ'ল। গিলে ৯৭ বলত সংগ্ৰহ কৰে ১১৬ ৰাণ। মুঠ ৫০ অভাৰত ভাৰতে ৫ টা উইকেট হেৰুৱাই ৩৯০ ৰাণ সংগ্ৰহ কৰে।

৩৯১ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা শ্ৰীলংকা দলটোৱে মাত্ৰ ২২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই। দলটোৱে সংগ্ৰহ কৰে মাত্ৰ ৭৩ ৰাণ। মহম্মদ ছিৰাজে সৰ্বাধিক ৪ টা উইকেট দখল কৰিছে।

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলটোৰ আটাইতকৈ বৃহৎ পৰাজয় আছিল শ্ৰীলংকাৰ বিৰুদ্ধেই। ২০০০ চনত শ্ৰীলংকাই ভাৰতক ২৪৫ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। ২৩ বছৰৰ পিছত ভাৰতে সেই পৰাজয়ৰ প্ৰতিশোধ ল'লে।

ছাৰজাহত অনুষ্ঠিত হোৱা সেই মেচখনত শ্ৰীলংকাই ভাৰতৰ সন্মুখত বান্ধি দিছিল ২৯৯ ৰাণৰ লক্ষ্য। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ৫৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

আজিৰ মেচখনত ভাৰতৰ এই বৃহৎ বিজয়ৰ মূল তিনাটা স্তম্ভ আছিল বিৰাট কোহলি, শুভমন গিল আৰু মহম্মদ ছিৰাজ। মেচখনত বিৰাটৰ বেটৰ পৰা আহিল১৬৬ ৰাণ। কোহলীয়ে তেওঁৰ ১১০ বলৰ ইনিংছত ১৩ টা চাৰি আৰু ৮ টা ছয় কোবাবলৈ সক্ষম হৈছে।

শুভমান গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় শতক কৰিবলৈ সক্ষম হ'ল। তেওঁ ৯৭ টা বলত ১১৬ ৰাণ কৰিলে। এই ইনিংছত শুভমানে ১৪ টা চাৰি আৰু ২ টা ছয় সংগ্ৰহ কৰিলে।

মহম্মদ ছিৰাজৰ বলিং আছিল ভাৰতৰ এই বৃহৎ বিজয়ৰ অন্যতম কাৰণ। ছিৰাজে মেচখনত দখল কৰিলে ৪ টা উইকেট। ইয়াৰোপৰি শ্ৰীলংকাৰ এজন বেটছমেনক ৰাণ আউট কৰিবলৈও সক্ষম হ'ল।

মন কৰিবলগীয়া যে, প্ৰায় তিনি বছৰ ধৰি শতিকাৰ পৰা বঞ্চিত হৈ থকা বিৰাট কোহলিৰ বেটৰ পৰা পুনৰ আৰম্ভ হৈছে শতকৰ বৰষুণ। তেওঁ যোৱা চাৰিখন এদিনীয়াৰ ভিতৰত তিনিখনতেই শতক অৰ্জন কৰিছে।

বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন মেচত বিৰাটে শতক অৰ্জন কৰাৰ পিছত, শ্ৰীলংকাৰ বিৰুদ্ধে গুৱাহাটীত খেলা প্ৰথমখন মেচত আৰু আজিৰ তৃতীয়খন মেচত শতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাটৰ আছিল এয়া ১০ নম্বৰৰ শতক। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত শীৰ্ষ স্থানত আছিল শচীন তেণ্ডুলকাৰ।

গুৱাহাটীত প্ৰথমখন এদিনীয়াত বিৰাটে শতক অৰ্জন কৰাৰ লগে লগে শচীনৰ লগত এই তালিকাত একেলগে থিয় হোৱাৰ পিছত আজিৰ শতকে তেওঁক সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈলৈ পৰিণত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in