বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত প্ৰেক্ষাগৃহত শিক্ষক দিৱস উদযাপন...

বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত প্ৰেক্ষাগৃহত শিক্ষক দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত প্ৰেক্ষাগৃহত শিক্ষক দিৱস উদযাপন...

ডিজিটেল সংবাদ, চিৰাংঃ বিটিচি প্ৰশাসনৰ শিক্ষা বিভাগৰ উদ্যোগত আজি বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে শিক্ষক দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যৰ্পন অৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সহ উপস্থিত সাংসদ, কাৰ্য্যবাহী সদস্য তথা উপস্থিত আমন্ত্ৰিত অতিথি সকলে । অনুষ্ঠানৰ আঁদৰণি ভাষন আগবঢ়ায় বিটিচিৰ শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মনে ।

Advertisment

তাৰ পিছতেই শিক্ষক দিৱসৰ লগত সঙ্গতি ৰাখি বিটিআৰ এলেকাত গুণগত শিক্ষা প্ৰদান লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বশ্ৰেষ্ঠ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা চাৰিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাইস্কুল আৰু বিগত তিনিটা বছৰত গুণোৎসৱত একেৰাহে শ্ৰেষ্ঠ ফলাফল লাভ কৰিবলৈ সক্ষম দুখন উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ক সম্বৰ্ধনা জনোৱা হয় ।

তাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বাণিজ্যিক শাখাত এই সন্মান লাভ কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজ্ঞান শাখাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলা শাখাত কক'লাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰেষ্ঠতম ফলাফল দেখুৱাৰ বাবে টংলা মডেল হাইস্কুল, শ্ৰেষ্ঠ উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে তামুলপুৰ এমভি স্কুল আৰু শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় হিচাপে বাক্সা জিলাৰ ৮৮৮ নং হাজিৰাপাৰা এলপি স্কুলক বঁটা প্ৰদান কৰা হয় ।

বঁটা হিচাপে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুলক দুই লাখ টকাৰ চেক, উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ক এক লাখ টকাৰ চেক লগতে এখনকৈ প্ৰশস্তিপত্ৰ আৰু পুষ্পস্তৱক আগবঢ়োৱা হয় । তাৰ পিছত বিটিচি প্ৰশাসনৰ প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা চিৰাঙৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক হৰিনাৰায়ণ খাকলাৰী আৰু বাগছা জিলাৰ নিকাচিৰ অৱসৰপ্ৰাপ্ত শিক্ষক বহুভাষিক সাহিত্যসেৱী বদ্ৰীনাথ দুৰ্গাইক প্ৰদান কৰে । এই বঁটাত দুইলাখ টকাৰ চেক আৰু এখন প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয় ।

আজিৰ শিক্ষক দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই ভাষন প্ৰসংগত উল্লেখ কৰে যে সমাজ ব্যৱস্থাক ঠিক কৰিব বিচাৰিলে সবৰ আগত শিক্ষা ব্যৱস্থাক গুৰুত্ব আৰোপ কৰিব লাগিব। যাৰ কাৰণে বিটিচি প্ৰশাসনে বিটিআৰ এলেকাত শিক্ষাখণ্ডক অগ্ৰাধিকাৰ দি কাম কৰি আছে । বিটিআৰ এলেকাৰ শিক্ষা ব্যৱস্থাক উন্নত কৰাৰ স্বাৰ্থত বিটিচিৰ শিক্ষা বিভাগৰ মুঠ দহটা আচঁনিৰ কাম চলি আছে বুলি উল্লেখ কৰে।

যাৰ যোগাত্মক ফলাফল ইতিমধ্যেই আহিবলৈ আৰম্ভ হৈছে । বিটিআৰৰ শিক্ষা খণ্ডত খালি হৈ থকা শিক্ষকৰ পদ পূৰণ কৰিবলৈ খুব সময়ৰ ভিতৰত বিটিচিৰ প্ৰশাসনৰ শিক্ষা বিভাগৰ পৰা ১৪৭১ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ কৰা হৈছে । নতুনকৈ শিক্ষক নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ নিয়ম অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক সকলক বাচনি কৰিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তত্বাৱধানত টেট পৰীক্ষা অনুষ্ঠিত কৰা হব।

এই নতুন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ইতিমধ্যেই ১৯ হেজাৰ প্ৰত্যাশীয়ে আবেদন কৰিছে । তাৰে ভিতৰত বাচনি কৰি ১০ হেজাৰ আবেদনকাৰী টেট পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছে তদুপৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি পূৰণ কৰিবলৈ নতুনকৈ আৰু ৮০০ শিক্ষকক নিযুক্ত দিবলৈ গৈ আছে বুলি সদৰি কৰে । আজিৰ শিক্ষক দিৱসৰ কাৰ্য্যসূচীত ভাষন আগবঢ়ায় কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাই ।

আজিৰ এই শিক্ষক দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকে বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, গৌতম দাস, ধৰ্ম নাৰায়ণ দাস, ধনঞ্জয় বসুমতাৰী, ডঃ নিলুৎ স্বৰ্গীয়াৰী, পাৰিষদ মাধৱ ছেত্ৰী, মন্টু বড়ো, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক অক্ষ্যৎ গাৰ্গ সহ বহু আমন্ত্ৰিত অতিথি সকল। আজি অনুষ্ঠান সঞ্চালনা কৰে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই ।

Also Read: পুষ্টি আৰু স্বাস্থ্য সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে 'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪'ত ডিজিটেল এনিমেটেড ভিডিঅ' মুকলি...

বঙাইগাঁও