শিক্ষয়িত্ৰী ঊষা দেৱীৰ মৃত্যুঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান...

শিক্ষয়িত্ৰী ঊষা দেৱীৰ মৃত্যুঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান...
শিক্ষয়িত্ৰী ঊষা দেৱীৰ মৃত্যুঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান...

ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজকৰ্মী, মানৱহিতৈষী গুৱাহাটী ৰিফাইনেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী ঊষা দেৱীৰ শুকুৰবাৰে আবেলি প্ৰায় ২ঃ৪৫ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৯ বছৰ। মৃত্যুৰ সময়ত তেখেতে স্বামী ড০ মৃণাল বৰ্মন, দুগৰাকী কন্যা, পুত্র বোৱাৰীৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ঊষা দেৱীৰ শেষ ইচ্ছা অনুসৰি ৭ জানুৱাৰী, শনিবাৰে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়।

তাৰ পূর্বে শনিবাৰে প্ৰয়াত মহিয়ষী নাৰীৰ ইচ্ছা অনুসৰি দুগৰাকী দৃষ্টিহীন ব্যক্তিক দৃষ্টি দানৰ উদ্দেশ্যে চিকিৎসকসকলে তেঁখেতৰ চকুযুৰি সংগ্ৰহ কৰে। এই ক্ষেত্ৰত প্ৰয়াত ঊষা দেৱীৰ পৰিয়ালৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগ আছিল প্ৰশংসনীয়।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ ঊষা দেৱীৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক ডা: সত্যজিৎ মিত্ৰই| অনুষ্ঠানত উপস্থিত থাকে এনাটমী বিভাগৰ অধ্যাপক, অধ্যাপিকাসহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রী।

মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত উষা দেবীৰ পৰিয়ালৰ সদস্য সকলোৰ উপৰিও অসম বিজ্ঞান সমিতিৰ সভাপতি ড০ মোহন চন্দ্ৰ কলিতা, সদৌ ভাৰত জন বিজ্ঞান নেটৱৰ্ক অসম ৰাজ্যিক সভাপতি ড০ কালীপ্রসাদ শৰ্মা, সম্পাদক নজীবুদ্দীন আহমেদ সমন্বিতে বহু বিশিষ্ট ব্যক্তি, ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক জগদীশ দত্ত, প্ৰনবজ্যোতি ডেকা, অনুপ ৰায়চৌধুৰী, কোষাধ্যক্ষ ডা০ বাসুদেব দাস, শিশিৰ ভট্টাচার্য, কুলেশ শৰ্মা, প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী শিক্ষিকা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

উল্লেখ্য যে, প্ৰয়াত ঊষা দেৱী ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ২০১৪ চনতে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল। ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক ঊষা দেৱীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য শিক্ষিকা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in