/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/00f95c5c-4a9b-4548-b18e-6f3a70ad31fb/nogaon_07.jpg)
নগাঁৱৰ শিক্ষাবিদ, অধিবক্তা শুকুৰাম দাসৰ স্মৃতিচাৰণ সভা..
ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত, নগাঁও জিলা সাহিত্য সভা ভৱনত শনিবাৰে বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, অধিবক্তা প্ৰয়াত শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।
আৰম্ভণিতে প্ৰয়াত দাসৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে। এই উপলক্ষে ক্ৰমবিৱৰ্তন আৰু আজিৰ সমাজ ব্যৱস্থা শীৰ্ষক বক্তৃতা প্ৰদান কৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে কয়- সমাজ পৰিবৰ্তন হৈছে, শিক্ষাৰ প্ৰসাৰ হৈছে।
বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু জ্ঞানৰ প্ৰসাৰ হোৱা নাই। ড০ ভাগৱতীয়ে বৰ্তমান পৰিস্থিতিৰ বিভিন্ন দিশ উল্লেখ কৰি কয়- বৰ্তমান সমাজত প্ৰমূল্যবোধ নোহোৱা হৈছে।
সামাজিক দ্বায়বদ্ধতা থাকিলেহে সমাজ সঠিক দিশত আগুৱাই যাব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আন এজন বক্তা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ বোধেন শইকীয়াই প্ৰয়াত শুকুৰাম দাসৰ বিষয়ে উল্লেখ কৰি কয়- শুকৰাম দাস এগৰাকী ব্যক্তি নাছিল, এটা অনুষ্ঠান সদৃশ আছিল।
তেওঁ সমাজলৈ বহুখিনি অৱদান আগবঢ়াই গৈছে। বিৱৰ্তণ আৰু আজিৰ সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ড০ শইকীয়াই কয়- বিবৰ্তণৰ মাজেৰে আমাৰ সমাজ ব্যৱস্থা আগবাঢ়ি আহিছে। পৃথিৱী সলনি হৈছে। উদ্যোগীকৰন আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰ ঘটিছে। সম্ভৱনা আৰু সমস্যা এই দুটা দিশৰে আমি আগবাঢ়িছো।
তেওঁ লগতে কয় পৃথিৱীখন দুই ধৰণে গতি কৰিছে। এতিয়া বিশ্বত ক্ষমতা প্ৰাপ্তিৰ যুঁজ চলিছে। ৰাজনৈতিক প্ৰত্যাহ্বান চলিছে। অসমীয়া সমাজ ব্যৱস্থাৰ কথা উল্লেখ কৰি ড০ শইকীয়াই কয়- বৈচিত্ৰতাৰ মাজত ঐক্যৰ সুন্দৰ সমাহাৰেৰে আমাৰ সমাজ ব্যৱস্থা চলি আছে। অসমীয়া এক সংমিশ্ৰিত জাতি।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবে নৱ বৈষ্ণৱ আন্দোলনৰ জৰিয়তে অসমত নৱ জাগৰনৰ সৃষ্টি কৰিছিল বুলি ড০ শইকীয়াই মন্তব্য কৰে। নগাঁও জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি থগিত মহন্তই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি প্ৰয়াত শুকুৰাম দাসৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয়- জীৱন কৰ্মৰ ওপৰত ভিত্তি কৰি মানুহৰ মূল্যায়ন হয়।
ৰঞ্জন কুমাৰ দাসে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহৰ সদস্য ভবেশ মেধি, আবুল খায়েৰ আহমেদ, কলংপাৰ কাকতৰ মূখ্য সম্পাদক গুৰমাইল সিং আদিৰ লগতে প্ৰয়াত দাসৰ জেষ্ঠ পুত্ৰ মিণ্টু দাস আৰু পৰিয়ালৰ সদস্য সকলে অংশগ্ৰহণ কৰে।
ক্লিক কৰি পঢ়কঃ অসমতো বিশ্বকাপৰ মেচ ! তাৰ পূৰ্বে সফল কৰক ১০ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ