/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/50848002-500c-4c70-ac2a-c283d789228d/raper.jpg)
ছাত্ৰীক যৌন নির্যাতন
ডিজিটেল সংবাদ, মঙলদৈঃ ছাত্ৰীক যৌন নির্যাতনৰ অভিযোগত শিক্ষকক গণ প্ৰহাৰ। এই ঘটনা সংঘটিত হৈছে মঙলদৈ চহৰৰ দুনী অঞ্চলত। এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে মঙলদৈৰ দুনীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে বিদ্যালয়ৰ চৌহদতে শিক্ষককগৰাকীক ৰাইজে প্ৰহাৰ কৰে। একাংশ ৰাইজৰ অভিযোগ অনুসৰি শুকুৰবাৰে বিদ্যালয়ৰ পৰা চানডুবিলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল অভিযুক্ত শিক্ষকগৰাকী তথা আন শিক্ষাৰ্থীসকল। এই ভ্ৰমণৰ সময়ছোৱাতেই দুগৰাকী ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা কৰিছিল শিক্ষকগৰাকীয়ে। অভিযুক্ত শিক্ষকগৰাকী হৈছে দুনী মজলীয়া বিদ্যালয়ৰ শিক্ষক হিৰণ্য চহৰীয়া।
জানিব পৰা মতে সুৰাসক্ত শিক্ষক হিৰণ্য চহৰীয়াই চানডুবীত নাৱেৰে নিৰ্জন ঠাইলৈ নি দুই ছাত্ৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰে । যাৰ বাবে শনিবাৰে লম্পট শিক্ষকগৰাকীক উপযুক্ত শাস্তিৰ দাবী জনাই অভিযুক্ত ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় আৰক্ষী উপস্থিত হয় যদিও ব্যৰ্থ হয়,যাৰ বাবে দৰং আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হ'বলগীয়া হয়।
আৰু পঢ়কঃ উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক