জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ কৃৰ্তী শিক্ষক ৰূপৰাম হাজৰিকাৰ মৃত্যুত শোক...

জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ কৃৰ্তী শিক্ষক ৰূপৰাম হাজৰিকাৰ  মৃত্যুত শোক...
জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ কৃৰ্তী শিক্ষক ৰূপৰাম হাজৰিকাৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ নিকতবৰ্তী জামুগুৰী গাঁৱৰ নিৱাসী তথা জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ কৃৰ্তী শিক্ষক ৰূপৰাম হাজৰিকাৰ (৫৬) দেওঁবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়। প্ৰয়াত হাজৰিকাই নিজা গৃহত পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে সন্ধিয়া টিভি চাই বহি থকাৰ সময়তে হঠাৎ এটা কাহ অহাৰ পাছতে তেখেতৰ গা বেয়া লগাত ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোবা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

১৯৬৭ চনত জন্ম গ্ৰহণ কৰা প্ৰয়াত ৰূপনাথ হাজৰিকাই শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা পাছত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোবাৰ অন্তত নগাঁও আনন্দৰাম ঢেকিয়াল ফুলক মহাবিদ্যালয় পৰা স্নাতক শিক্ষা সমাপ্ত কৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়তে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ সুৰ্দীঘ কাল শিক্ষকতা কৰি আহিছিল।

এগৰাকী কৃৰ্তী শিক্ষক,অমায়িক,সৎ,মৃদুভাষী,সহজসৰল তথা ভদ্ৰ ৰূপৰাম হাজৰিকাই মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ,পত্নী,দুগৰাকী কন্যা, একমাত্ৰ ভাতৃ তথা জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,ভাই বোৱাৰী,এগৰাকী ভগ্নী-জোৱাই,ভতিজা-ভাগিন আদিৰ লগতে অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুৰ খবৰ পোৱা লগে লগে আজি পুৱাই বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই তেওঁৰ নশ্বৰ দেহত পুস্পাঞ্জলী অৰ্পন কৰে।

তেওঁ কয় যে, এগৰাকী সৰল মনৰ শিক্ষকৰ পৰিচয় দি অহা প্ৰয়াত ৰূপৰাম হাজৰিকাৰ অকাল মৃত্যুত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক অপুৰণীয় ক্ষতি হ’ল ৷ উল্লেখ যে, প্ৰয়াত ৰূপৰাম হাজৰিকাৰ নশ্বৰ দেহ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ প্ৰংগনলৈ শোভাযাত্ৰাৰে নিয়াৰ পাছত বিদ্যালয়ৰ প্ৰাংগনত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক হাজৰিকা, প্ৰবিন শিল্পী গম্ভীৰ নাথ, প্ৰবিন শাস্তৰ্য্য নৰেন নাথ, জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰিয়কুমাৰ নাথ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় গাঁওবাসীৰ লগতে অন্যান্য সকলে প্ৰয়াত ৰূপৰাম হাজৰিকাৰ নশ্বৰদেহত পুস্পাঞ্জলী অৰ্পন কৰি শেষশ্ৰদ্ধা জ্ঞাপন কৰে।

পিছত পৰিয়াল তথা অন্যান্যসকলৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয় ৷ তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱা,প্ৰাক্তন মন্ত্ৰী উমেশ দাস,প্ৰাক্তন ৰে'লৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই,নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ তেখেতৰ মৃত্যুত সমগ্ৰ জামুগুৰিতে গভীৰ শোকৰ ছাঁ পৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in