অতিৰিক্ত কামৰ বোজা! দুই শিক্ষক মৃত্যুৰ তদন্তৰ দাবী সদৌ অসম খণ্ড সমল ব্যক্তি ফৰাম"ৰ

অসম সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত ছয়দুৱাৰ খণ্ড মিছন সমন্বয়কৰ অন্তৰ্গত দুগৰাকী ঠিকাভিত্তিক শিক্ষকৰ মৃত্যুৰ তদন্তৰ দাবী সদৌ অসম খণ্ড সমল ব্যক্তি ফৰাম"ৰ ।

author-image
Asomiya Pratidin
New Update
অতিৰিক্ত কামৰ বোজা! দুই শিক্ষক মৃত্যুৰ তদন্তৰ দাবী সদৌ অসম খণ্ড সমল ব্যক্তি ফৰাম"ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত ছয়দুৱাৰ খণ্ড মিছন সমন্বয়কৰ অন্তৰ্গত দুগৰাকী ঠিকাভিত্তিক শিক্ষকৰ মৃত্যুৰ তদন্তৰ দাবী সদৌ অসম খণ্ড সমল ব্যক্তি ফৰাম"ৰ । ঠিকাভিত্তক শিক্ষক তথা খণ্ড সমল ব্যক্তি হিচাপে কৰ্মৰত শিক্ষক দেৱজিৎ কাকতি আৰু মণ্ডল সমন্বয়ক দেৱজিৎ শৰ্মাৰ মৃত্যুৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামে (বি আৰ পি) ।

Advertisment

অতিৰিক্ত কামৰ লগতে  কৰ্ম দিনৰ অত্যাধিক সময় অহেতুক কৰ্তব্যৰ  বোজা জাপি দিয়াৰ বাবেই দুই নিষ্ঠাবান, কৰ্মপটু, মেধাবী শিক্ষাগুৰুৱে  অকালতে অপ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে সমল ব্যক্তি ফৰামে । ফৰামৰ ৰাজ্যিক সভাপতি মুকুল সূত আৰু সম্পাদক পূণ্যব্ৰত বৰদলৈয়ে এই অভিযোগ উত্থাপন কৰি কয় যে ঘটনা সংঘটিত হোৱা দিনা নিশা ৭-৩০ বজালৈকে ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুয়োগৰাকী সৰ্ব শিক্ষা কৰ্মীক লাচিত বৰফুকনৰ ৰচনা "আপলোড" কৰাৰ  কামত ব্যস্ত ৰাখিছিল শিক্ষা বিষয়াই।

ইয়াৰোপৰি সৰ্ব শিক্ষাৰ জিলা মিছন সমন্বয়ক গৰাকীয়ে বাৰম্বাৰ দুই কৰ্মচাৰীলৈ ফোন কৰি ৰচনাৰ সংখ্যা কম হোৱা বুলি কৈ অধিক ৰচনা নিশাৰ ভিতৰত আপলোড কৰাৰ তীব্ৰ হেঁচা দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে। শিক্ষা বিষয়াৰ এনে উপৰ্যুপৰি হেঁচাৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিলে ফৰামে। 

ফৰামৰ সভাপতি মুকুল সূতে দুই সম্ভাৱনা পূৰ্ণ কার্যদক্ষ শিক্ষকৰ অকাল বিয়োগ ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবেই এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি দুই সহকৰ্মীৰ আকস্মিক মৃত্যুত শোকাহত ফৰামে ৰাজ্য জুৰি শুক্ৰবাৰে শোক দিৱস হিচাপে পালন কৰিছে বুলি জনাইছে।

শুকুৰবাৰে ফৰামৰ সকলো বিষয় ববীয়া আৰু খণ্ড সমল ব্যক্তি সকলে কলা বেজ পৰিধান কৰি কৰ্তব্যত নিয়োজিত হৈছে বুলি জানিবলৈ দিয়ে। সভাপতি গৰাকীয়ে ঠিকাভিত্তিক শিক্ষকৰ ওপৰত অতিৰিক্ত কামৰ বোজা জাপি দিয়া এনে দুষ্কাৰ্যৰ নিৰপেক্ষ তদন্ত ঘোষণা কৰা , দোষী শিক্ষা বিষয়াক কঠোৰ শাস্তি প্ৰদান কৰা , দুই কৰ্তব্য পৰায়ন শিক্ষাগুৰুৰ কৰ্তব্যৰত অৱস্থাত অকাল বিয়োগ ঘটাৰ বাবে শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰে মৰ্মাহত আৰু দুৰ্ভগীয়া পৰিয়াল দুটাক সম্পূৰ্ণ আৰ্থিক নিৰাপত্তা প্ৰদান কৰা , নিয়মীয়া শিক্ষকৰ পৰিয়ালে লাভ কৰাৰ দৰে এই দুই মৃতকৰ পৰিয়াললৈকো সম হাৰত আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ দাবী জনাইছে শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰক।

ফৰামৰ সভাপতি গৰাকীয়ে দুই সতীৰ্থৰ পুন্যাত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

আৰু পঢ়ক: বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

assam teacher