বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

কামৰূপৰ বকো আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে মাৰাথান অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে বৃহস্পতিবাৰে বহু সময় ধৰি চলাইছিল অভিযান।

author-image
Asomiya Pratidin
New Update
বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা জব্দ, এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপৰ বকো আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে মাৰাথান অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে বৃহস্পতিবাৰে বহু সময় ধৰি চলাইছিল অভিযান।

বকোৰ হাহিম তিনি আলিত বৃহস্পতিবাৰে নিশা গাঞ্জা বিক্ৰী কৰিবলৈ আহোতেই গাঞ্জা ব্যৱসায়ীক হাতে লোটে গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। ধৃত গাঞ্জা ব্যৱসায়ী জনৰ পৰা আৰক্ষীয়ে ৭.১৩৮ কেজি ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য মতে জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য ৫০ হাজাৰ টকা।বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ গোপন খৱৰৰ ভিত্তিত বকো আৰক্ষীৰ উপ-পৰিদৰ্শক অপূৰ্ব কলিতাই অভিযান চলাই জব্দ কৰে গাঞ্জা খিনি।ইতিমধ্যে গ্ৰেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ী জনক অধিক তথ্য সোধ পোছৰ বাবে বকো আৰক্ষীয়ে বকো থানাত জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: বিকৃত ৰূপত উপস্থাপন হোৱা ইতিহাস পুনৰ লিখাত কোনোৱে বাধা দিব নোৱাৰে: অমিত শ্বাহ

drugs kamrup assam