তামুলপুৰত জিলা আয়ুক্তৰ পৰ্যালোচনা সভা

তামুলপুৰত জিলা আয়ুক্তৰ পৰ্যালোচনা সভা

author-image
Asomiya Pratidin
New Update
তামুলপুৰত জিলা আয়ুক্তৰ পৰ্যালোচনা সভা

ডিজিটেল ডেস্ক,তামুলপুৰ : বুধবাৰে তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান লোৱাৰ কথা আছিল যদিও ৰাজ্যপালগৰাকীৰ বিশেষ অসুবিধাবশতঃ আজিৰ পৰ্যালোচনা বৈঠকখন স্থগিত ৰাখিবলগা হয়।

Advertisment

অৱশ্যে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা উন্নয়নমূলক কিছু কামৰ খতিয়ান লয়। সকলো বিভাগৰ কামবোৰ যাতে নিয়াৰিকৈ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিজ বিভাগ সমূহত পুনৰ কামবোৰৰ পৰ্যালোচনা কৰিবলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

"জনসাধাৰণক সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব" বুলি জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলক উনুকিয়াই দিয়ে। তেখেতে উদ্যোগ, স্বাস্থ্য, মীন, সমাজকল্যাণ, লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, হস্ততাঁত বস্ত্ৰ, ৰেচম আদি বিভাগৰ বিষয়াসকলৰ উপৰি একাংশ এন জি অ'ৰ প্ৰতিনিধিৰ সৈতেও কথা পাতে।

আজিৰ সভাখনত জিলা আয়ুক্তগৰাকীৰ লগতে অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো আৰু কবিতা ফাংছ', বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি একাংশ এন জি অ'ৰ প্ৰতিনিধি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

Also Read: এফালে ৬০% নম্বৰ প্ৰাপ্তক স্কুটিৰ ঘোষণা, আনফালে কলৰ ভূৰত শিক্ষাৰ্থীৰ বিপদ সংকুল যাত্ৰাৰ ছবি

tamulpur