এফালে ৬০% নম্বৰ প্ৰাপ্তক স্কুটিৰ ঘোষণা, আনফালে কলৰ ভূৰত শিক্ষাৰ্থীৰ বিপদ সংকুল যাত্ৰাৰ ছবি

এফালে ৬০% নম্বৰ প্ৰাপ্তক স্কুটিৰ ঘোষণা, আনফালে কলৰ ভূৰত শিক্ষাৰ্থীৰ বিপদ সংকুল যাত্ৰাৰ ছবি
Published on
Updated on

ডিজিটেল সংবাদ,হাজোঃ যি সময়ত উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰীক চৰকাৰে স্কুটি দিয়াৰ ঘোষণা কৰিছে সেই সময়তে প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে কলৰ ভূৰত উঠি পাৰ হৈছে কেইটামান কণ কণ শিশু।

দেখিলে গাৰ নোম শিয়ৰি উঠা এক দৃশ্য। ৩ ডাল কলেৰে বনোৱা এখন ভূৰত উঠি বিদ্যালয়লৈ থাপলি মেলিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। এয়া কামৰূপৰ অন্তৰ্গত ৰঙিয়াৰ দৃশ্য। ৰঙিয়াৰ গৰমশুং ডিঙৰা নৈ ঘাটত হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নকামী চৰকাৰৰ এখন বিপৰীত ছবি পৰিলক্ষিত হৈছে।

নিজ অঞ্চলত চৰকাৰী বিদ্যালয় নথকা হেতুকে জীৱনক তুচ্ছ জ্ঞান কৰি শিক্ষা গ্ৰহণৰ স্বাৰ্থত এনেদৰে কলৰ ভূৰত নদী পাৰ হ'বলগীয়া হৈছে এই সকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখযোগ্য যে, ১৯৭০ চনতে গৰমশুং ডিঙাৰা পাৰঘাট হিচাপে চৰকাৰী ভাবে স্বীকৃতি পাইছিল।তেতিয়াৰ পৰা লোকনিৰ্মাণ বিভাগৰ ৩ জনকৈ নাৱৰীয়াই প্ৰতি দিনে সেৱা অব্যাহত ৰাখিছিল। নাটকীয় ভাবে ৰঙিয়া লোক নিৰ্মাণ বিভাগে তিনিওজন কৰ্মচাৰীক ইয়াৰ পৰা লৈ যোৱাত এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ নৈ পৰীয়া ৰাইজৰ।

বিশেষকৈ বিপদত পৰিছে ছাত্ৰ ছাত্ৰী সকল। নৈ পৰীয়া ৰাইজে নিজ খৰছত এখন বাঁহৰ দলং দিছিল যদিও সেইখন নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। ফলত এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। উপায়বিহীন কণ কণ শিক্ষাৰ্থীয়ে এখন নাৱৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক তথা মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in