হত্যাৰ অভিযুক্তক ৰাজহুৱাকৈ শাস্তি প্ৰদান তালিবানৰ...

আফগানিস্তানৰ তালিবান চৰকাৰে বুধবাৰে এখন ষ্টেডিয়ামত হত্যাৰ অভিযুক্তক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিয়ে।
হত্যাৰ অভিযুক্তক ৰাজহুৱাকৈ শাস্তি প্ৰদান তালিবানৰ...

ডিজিটেল ডেস্ক: আফগানিস্তানৰ তালিবান চৰকাৰে বুধবাৰে এখন ষ্টেডিয়ামত হত্যাৰ অভিযুক্তক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিয়ে। ২০২১ চনৰ আগষ্টত তালিবানে আফগানিস্তান শাসন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এজন ব্যক্তিক ৰাজহুৱা ভাৱে মৃত্যুদণ্ড দিয়া হৈছে। তালিবান বিষয়াৰ মতে, এই শাস্তি চৰিয়া আইনৰ অধীনত দিয়া হৈছে।

জানিব পৰা মতে অভিযুক্তজনক ৰাস্তাৰ মাজত ফাঁচী দিয়া হয়। আফগানিস্তানৰ ইছলামিক আমিৰাত (আইইএ)ৰ শীৰ্ষ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ মতে, অভিযুক্ত জনক কেইবা শ দৰ্শকৰ আগত ফাঁচী দিয়া হৈছিল। দেশ খনৰ তিনিখন সৰ্বোচ্চ আদালত আৰু তালিবানৰ সৰ্বোচ্চ নেতাৰ অনুমোদনৰ পিছত এই শাস্তি প্ৰদান কৰা হয়।

অভিযুক্ত গৰাকী হেৰাট প্ৰদেশৰ তাজমিৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁক ৫ বছৰ পূৰ্বে এজন লোকক হত্যা কৰাৰ লগতে চুৰি কাৰ্য সংঘটিত কৰিছিল।

আৰু পঢ়ক: ''আমাক খেলিবলৈ এখন পথাৰ দিয়ক'' একাংশ ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in