''আমাক খেলিবলৈ এখন পথাৰ দিয়ক'' একাংশ ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান

আমাক এখন খেল পথাৰ লাগে - এই আহ্বান এজাক ছাত্ৰ- ছাত্ৰীৰ ৷ কন কন শিক্ষাৰ্থী সকলে বিচাৰিছে এখন খেল পথাৰ ৷ এই খেলপথাৰত তেওঁলোকে খেলিব ৷ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰিব ৷
''আমাক খেলিবলৈ এখন পথাৰ দিয়ক'' একাংশ ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান

ডিজিটেল সংবাদ,নগাঁও : আমাক এখন খেল পথাৰ লাগে - এই আহ্বান এজাক ছাত্ৰ- ছাত্ৰীৰ ৷ কন কন শিক্ষাৰ্থী সকলে বিচাৰিছে এখন খেল পথাৰ ৷ এই খেলপথাৰত তেওঁলোকে খেলিব ৷ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰিব ৷

নগাঁও জিলাৰ ঐতিহাসিক উৰিয়াগাঁৱৰ খেলপথাৰ খন এতিয়া নিস্তব্ধ ৷ এই পথাৰখনত চলি থকা খেল চাবলৈ বাটৰুৱা এদিন থমকিছিল ৷ যাত্ৰীবাহী বাছ ৰখাইছিল ৷ আজি এই খেল পথাৰখনৰ গৰিমা ম্লান হৈ পৰিল ৷ নবপ্ৰজন্মই এই খেল পথাৰত ভৰি দি পোৱা নাই ৷ কাৰণ বাধা ৷

২০০৩- ২০০৪ চনত উৰিয়াগাঁৱৰ খেল পথাৰলৈ পৰিবৰ্তন আহিল ৷ উন্নয়নৰ ঢৌয়ে কোবালে পথাৰখনক ৷ চাৰিলেন যুক্ত পথ নিৰ্মানৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে খেল পথাৰৰ মাটি অধিগ্ৰহণ কৰিলে ৷ কিন্তু পথাৰখনৰ মাটিৰ ওপৰেৰে পথ নগ’ল ৷ মাটিখিনি পৰি থাকিল ৷ বিপৰিতে খেলপথাৰৰ অধিকাৰ হেৰুৱালে স্থানীয় লোকে ৷ খেল পথাৰৰ মাটিত খেল খেলাত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ বাধা ৷

উন্নয়নে কোবাই গ’ল উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰক ৷ এদিন খেলপথাৰৰ কাষতে থকা ১৯১০ চনত স্থাপিত ২৯ নং উৰিয়াগাঁও বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰই এই পথাৰত খেলিছিল ৷ ১৯২৬ চনত স্হাপিত উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ছাত্ৰীয়ে শাৰীৰিক বিকাশ কৰিছিল এই বিদ্যালয়ত ৷ একেদৰে শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ ঠগি সূত বালক মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই খেল পথাৰত খেলেৰে প্ৰতিভাৰ পৰিচয় দিছিল ৷

বৰ্তমান বৃহত্বৰ উৰিয়াগাঁৱৰ নতুন প্ৰজন্মৰ বাবে এখন খেল পথাৰৰ অভাবৰ হেতু ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভা মৰহিছে ৷ বিগতে ১৮ বছৰে উৰিয়াগাঁৱৰ খেলপথাৰত ভৰি দিবলৈ পোৱা নাই স্থানীয় সুপ্ত প্ৰতিভাধৰে ৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে উৰিয়াগাঁৱত অধিগ্ৰহনকৰি ব্যৱহাৰ নকৰা ভূমি একাংশ বেযৱসায়ীক লীজলৈ দিয়াৰ পিছত স্থানীয় ছাত্ৰ ছাত্ৰী সকলে বিচাৰিছে ঘাই পথ প্ৰাধিকৰনে ব্যৱহাৰ নকৰা খেলপথাৰৰ মাটি যেন খেলিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলক দিয়ে ৷ বিচাৰিছে মৰমৰ মামা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ ৷ সেয়ে কৈছে মামা আমাক খেলিবলৈ এখন পথাৰ দিয়ক ৷

আৰু পঢ়ক: হিমাচলত কংগ্ৰেছৰ চৰকাৰ! বিজেপিৰ শংকাত বিধায়ক সকলক ৰাজস্থানলৈ লৈ যোৱাৰ যো-জা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in