বগা মেকুৰী, গৰু পোৱালী আৰু হাতীঃ কি কি বস্তু দেখিলে আপোনাৰ যাত্ৰা শুভ হয়, জানেনে?

বগা মেকুৰী, গৰু পোৱালী আৰু হাতীঃ কি কি বস্তু দেখিলে আপোনাৰ যাত্ৰা শুভ হয়, জানেনে?

ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰ মতে, আপুনি যেতিয়া কৰবালৈ ঘৰৰ পৰা ওলাই যায়, কিছুমান বিশেষ বস্তু দেখিলে আপোনাৰ দিনটো শুভ হয় বুলি গণ্য কৰা হয়। লগতে যিকামত ওলাই যায় সেই কামো সিদ্ধ হয় বুলি গণ্য কৰা হয়। এতিয়া জানো আহক, কি সামগ্ৰ বা বস্তু দেখিলে আপোনাৰ যাত্ৰা শুভ হয়-

  • ক’ৰবালৈ ওলাই যাওতে যদি বগা মেকুৰী আপুনি দেখে তেন্তে আপোনাৰ যাত্ৰা শুভ হয় বুলি গণ্য কৰা হয়। ওলাই যাওতেই যদি বগা মেকুৰী আপুনি দেখে তেন্তে যি কামত ওলাই গৈছে সেই কাম সুকলমে হব বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে।

  • ঘৰৰ পৰা ওলাই যাওতে যদি আপুনি চৰাই উৰি যোৱা দেখে তেন্তে আপোনাৰ যাত্ৰা শুভ হয়। এনে হলে শুভ বাৰ্তা লাভ কৰাৰো যুগ থাকে। যদিহে ঘৰৰ পৰা ওলাওতেই আপোনাৰ মূৰৰ ওপৰেৰে চৰাই উৰি গৈছে তেন্তে আপোনাৰ ডাঙৰ লাভ হোৱাটো নিশ্চিত।

  • ভিক্ষু সকলক ত্যাগ আৰু সন্তুষ্টিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰৰ পৰা ওলাই যাওতেঅ যদি এনে লোকক আপুনি দেখে তেন্তে আপোনাৰ দিনটো শান্তিময় হয় বুলি ধৰা হয় জ্যোতিশ শাস্ত্ৰত।

  • ঘৰৰ পৰা ওলাওতেই যদি পোৱালিয়ে গাই গৰুৰ গাখীৰ খাই থকা দৃশ্য আপুনি দেখে তেন্তে আপোনাৰ দিনটো শুভ হয়।

  • ঘৰৰ পদুলি মুখ নাইবা দুৱাৰ মুখত ভৰি দিওতেই যদি মন্দিৰৰ ঘন্টাৰ শব্দ আপোনাৰ কাণত পৰে তেন্তে আপোনাৰ দিনটো শুভ আৰু মংগলময় হয়।

  • কোনো যাত্ৰাৰ সময়ত বাটত যদি হাতী দেখে, তেন্তে আপোনাৰ সেই যাত্ৰা শুভ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in