জন্মভূমিৰ বিৰুদ্ধেই খেলিলে এইগৰাকী ফুটবলাৰেঃ লাভ কৰিলে সফলতা

জন্মভূমিৰ বিৰুদ্ধেই খেলিলে এইগৰাকী ফুটবলাৰেঃ লাভ কৰিলে সফলতা
জন্মভূমিৰ বিৰুদ্ধেই খেলিলে এইগৰাকী ফুটবলাৰেঃ লাভ কৰিলে সফলতা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাটাৰ বিশ্বকাপত সংঘটিত হ'ল এক আমোদজনক ঘটনা। নিজ দেশৰ বিৰুদ্ধেই খেল পথাৰৰ ৯০ মিনিটৰ যুঁজত নামিল এজন ফুটবলাৰ। কেৱল খেলপথাৰত নমাই নহয়, একমাত্ৰ সফল খেলুৱৈ হিচাপে মেচখনত তেওঁৱেই চিহ্নীত হ'ল।

কাটাৰ বিশ্বকাপত আজি চুইজাৰলেণ্ড আৰু কেমৰুন মুখামুখী হৈছিল। মেচখনত চুইজাৰলেণ্ডে কেমৰুণক এটা গ'লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হ'ল।

মেচখনত দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৪৮ মিনিটিত ব্ৰিয়েল এম্বোলোৰ ভৰিৰ পৰা আহিল এই গ'লটো। এই একমাত্ৰ গ'লটোৰ জৰিয়তেই চুইজাৰলেণ্ডে কেমৰুণক পৰাস্ত কৰি পইণ্ট টেবুলত অগ্ৰগতি লাভ কৰিছে।

আকৰ্ষণীয় কথাটো হ'ল চুইজাৰলেণ্ডৰ হৈ একমাত্ৰ গ'ল কৰা ব্ৰিয়েল এম্বোলোৰ জন্মভূমি কেমৰুণ। অথচ তেওঁ খেলিছে কেমৰুণৰ বিৰুদ্ধে।

প্ৰকৃততে এম্বোলো ব্ৰিয়েলে মাত্ৰ ৫ বছৰ বয়সতে কেমৰুণ ত্যাগ কৰিছিল। ব্ৰিয়েলৰ ৫ বছৰ বয়সতে পিতৃ-মাতৃ পৃথক হৈছিল। সেয়ে ব্ৰিয়েলে নিজ মাতৃৰ সৈতে প্ৰথমে ফ্ৰান্সলৈ আৰু পিছত ফ্ৰান্সৰ পৰা চুইজাৰলেণ্ডলৈ গুছি যায়।

ইয়াৰ পিছতে তেওঁলোকে চুইজাৰলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ব্ৰিয়েলে নিজ দক্ষতাৰ বাবেই চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলত নিজলৈ এটা স্থান মুকলি কৰিবলৈ সক্ষম হৈছিল।

সেই গৰাকী ব্ৰিয়েলৰ বাবেই আজি কেমৰুণ চুইজাৰলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হ'বলগীয়া হ'ল। উল্লেখ্য যে, মেচখনৰ প্ৰথমাৰ্ধ গ'ল শূন্য ভাৱে সমাপ্ত হয়।

দ্বিতীয়াৰ্ধৰ ৪৮ মিনিটতে ব্ৰিয়েলে একমাত্ৰ গ'লটো কৰে। মেচখনত কেমৰুণে কেইবাটাও গ'ল কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছিল যদিও দুৰ্ভাগ্যজনক ভাৱে সেই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ নোৱাৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in