শ্বিলঙত শান্তি সমদল হৈ পৰিল উত্তপ্তঃ আৰক্ষীৰ গুলীচালনা...

শ্বিলঙত শান্তি সমদল হৈ পৰিল উত্তপ্তঃ আৰক্ষীৰ গুলীচালনা
শ্বিলঙত শান্তি সমদল হৈ পৰিল উত্তপ্তঃ আৰক্ষীৰ গুলীচালনা

ডিজিটেল ডেস্কঃ অসম-মেঘালয়ৰ সীমান্ত অঞ্চল মুক্ৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাৰ্শ্বক্ৰিয়া অব্যাহত আছে। যোৱা মঙ্গলবাৰে পুৱা সংঘটিত হোৱা এই হিংসাত্মক ঘটনাৰ উত্তেজনা অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া শ্বিলঙত বাহিৰ কৰা হৈছিল এই শান্তি সমদল।

কিন্তু এই শান্তি সমদলতো সংঘটিত হয় বিক্ষিপ্ত ঘটনা। শান্তি সমদলত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবেই শ্বিলং আৰক্ষী বাধ্য হৈছে গুলী চালনা কৰিবলৈ।

উল্লেখ্য যে মুক্ৰৰ ঘটনাৰ প্ৰতিবাদ স্বৰূপে বাহিৰ কৰা এই শান্তি সমদলৰ মাজতে একাংশ প্ৰতিবাদকাৰী লিপ্ত হৈছিল হিংসাত্মক কাৰ্যকলাপত। এই প্ৰতিবাদকাৰীসকলে হাতত থকা মমবাতি আৰু জোঁৰ নিক্ষেপ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ফলত আৰক্ষীয়ে এই উগ্ৰ প্ৰতিবাদকাৰীসকলক চত্ৰভংগ দিবলৈ তথা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে যোৱা মঙ্গলবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত চোৰাং কাঠবেপাৰী কৰায়ত্ত কৰাৰ সময়তে সংঘটিত হৈছিল উত্তপ্ত পৰিস্থিতি।

অসম আৰক্ষী আৰু বনৰক্ষীক স্থানীয় শতাধিক লোকে হাতে হাতে অস্ত্ৰ, শস্ত্ৰ লৈ আক্ৰমণ কৰিবলৈ উদ্যাত হোৱাত অসম আৰক্ষী আৰু বনৰক্ষীয়ে গুলীচলাবলৈ বাধ্য হৈছিল। আনহাতে আক্ৰমণকাৰী মেঘালয়ৰ লোকেও গুলী চলাইছিল।

ফলত ৰক্তাক্ত হৈ পৰিছিল সীমান্ত। অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ লগতে মেঘালয়ৰ ৫ আক্ৰমণকাৰীৰ মৃত্যু হৈছিল। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ আছে দুই ৰাজ্য। যি ঘটনাৰ পাৰ্শ্বক্ৰিয়া হিচাপে সংঘটিত হৈ আছে আন বহু সৰু-বৰ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in