/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/aee0874c-5e99-4c92-b19f-640dbdd53682/pppp.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰৱান মিছন। গ্ৰামাঞ্চলৰ দৰিদ্ৰ উপার্জনহীন পৰিয়ালৰ অৰ্থনৈতিক বুনিয়াদ সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনি এতিয়া লুণ্ঠনৰাজৰ হাতিয়াৰলৈ পতিত হৈছে ঢকুৱাখনাত। এই আঁচনিৰ আধাৰত বিগত দুটা বছৰৰ পূৰ্বে ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব ঢকুৱাখনা ,মাতমৰা আৰু খেৰকটা পঞ্চায়তৰ হিতাধিকাৰী একাংশক নিৰ্বাচিত কৰি ঘৰে ঘৰে গাহৰি পালনৰ বাবে ঘৰ (গৰাল) নিৰ্মাণ কৰি দিছিল ঠিকাদাৰে।
বিগত সুদীর্ঘ কাল ধৰি এনেবোৰ অব্যৱহৃত গাহৰি পালন গৃহ পৰিত্যক্ত হৈ জহি খহি ব্যৱহাৰৰ অনুপযোগী হয়। তাৰ পাছত যোৱা ৩ ডিচেম্বৰত এই আঁচনিৰ ঢকুৱাখনা ৰুৰৱান সংমণ্ডলৰ অধীনৰ মাতমৰা পঞ্চায়ত ২৪৪ গৰাকী হিতাধিকাৰীক মুঠ ৭৩২ টা গাহৰি পোৱালী বিতৰণ কৰা হয় । ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেয়ে মাতমৰা পঞ্চায়তৰ কাৰ্য্যালয়ত শুভাৰম্ভ কৰা এই 'ৰুৰৱান" আঁচনিৰ গাহৰি বিতৰণৰ পাছত উন্মোচিত হৈছে ভয়ংকৰ অনিয়ম ।
দৰিদ্ৰ হিতাধিকাৰী সকলক চৰকাৰী ভাৱে প্ৰদান কৰা গাহৰি পোৱালী সমূহ ৰুগ্ন আৰু ভয়ংকৰ "ছোৱাইন ফেভাৰ" সংক্ৰমিত হোৱাৰ তথ্য উন্মোচিত হোৱাই নহয় ৰোগীয়া এনেবোৰ চৰকাৰী আঁচনিৰ গাহৰি পোৱালী ইটোৰ পাছত সিটো মৰিবলৈ আৰম্ভ কৰিছে। বিগত তিনিটা দিনৰ ভিতৰতে হিতাধিকাৰী সকলৰ মুঠ ৯ টা গাহৰি পোৱালী "ছোৱাইন ফ্লু" হৈ মৃত্যু ঘটিছে আৰু গৰিষ্ঠ সংখ্যক পোৱালী আক্ৰান্ত হৈ আছে ।
সংগৃহীত তথ্য মতে মাতমৰা পঞ্চায়তৰ বাহপৰা বিহাৰী গাঁওত এই আঁচনিৰ পোৱালী বিতৰণৰ পাছদিনাই গাহৰি মৃত্যুৰ ধাৰা আৰম্ভ হৈছে । এই সন্দৰ্ভত ঢকুৱাখনা পশু চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈ আৰু পশু চিকিৎসা কৰ্মীৰ দলে খবৰ লাভ কৰি চৰজমিন তদন্ত কৰাৰ পাছত উন্মোচিত হ'ল ভয়ংকৰ কাণ্ড। পশু চিকিৎসকৰ দলটোৱে ৰোগীয়া গাহৰি সমূহৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত এনেবোৰ চৰকাৰী ভাবে যোগান ধৰা গাহৰি মাৰাত্মক "ছোৱাইন ফিভাৰ"ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে । লগে লগে স্পৰ্শকাতৰ বিষয়টো ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগক অৱগত কৰে চিকিৎসক ডাঃ গগৈয়ে ।
পৰৱৰ্তী সময়ত প্ৰশাসনে গাহৰি ক্ৰয় বিক্ৰয়ত জাৰি কৰিলে নিষেধাজ্ঞা। ইপিনে ধেমাজিৰ জনৈক মহেঙিয়া নামৰ এজন বিতৰকৰ জৰিয়তে বিতৰণ কৰা এই গাহৰি পোৱালি সমূহ ভয়াবহ "ছোৱাইন ফেভাৰ"ত কি দৰে আক্ৰান্ত হ'ল , গাহৰি সমূহ বিতৰণৰ পূৰ্বে বিধিগত ভাবে "কোৱাৰেণ্টাইন " কৰা কিয় নহ'ল , তাৰোপৰি সংশ্লিষ্ট এলেকাৰ পশু চিকিৎসালয়ৰ সহযোগিতাৰে বিতৰণৰ পূৰ্বে কিয় এনেবোৰ গাহৰিৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা নহ'ল আৰু থৰকাচুটি হেৰুৱাই নিশাৰ ভিতৰতে কিয় এনেবোৰ ৰোগীয়া গাহৰি বিতৰণ কৰা হ'ল তাক লৈ গুৰুতৰ প্ৰশ্ন উথাপিত হৈছে পালক সকলৰ মাজত।
অভিযোগ উত্থাপিত হৈছে যে এই ভয়াবহ সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জানিব পাৰি বিতৰকৰ জিম্মাত মৃত্যু হোৱাৰ পৰা ৰক্ষা পৰিবলৈ আৰু অৰ্থলোভী বিতৰক লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা পৰ্যন্ত ঢকুৱাখনাত বিতৰণ কৰা হৈছিল এনেবোৰ ৰুগীয়া গাহৰি পোৱালী ।
অবিবেচকী বিতৰকে নিজে লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ ঢকুৱাখনাৰ হিতাধিকাৰী সকলক কণা হাঁহক পতান দিয়া দি ৰুগ্ন গাহৰি বিলাই চৰকাৰী পুঁজি কুক্ষীগত কৰাৰ পথ প্ৰশস্ত কৰিলে যদিও এই আঁচনি লাভ কৰি এতিয়া ত্ৰাহি মধুসূদন সোৱৰিছে হিতাধিকাৰী সকলে। কাৰণ এনেবোৰ ৰোগীয়া গাহৰিৰ পৰা পূৰ্বে নিজা নিৰোগী গাহৰিলৈকো এই মাৰাত্মক ৰোগ সংক্ৰমিত হোৱাৰ তীব্ৰ আশংকাই দেখা দিছে পালক সকলৰ মাজত ।
গতিকে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উপায়ুক্তৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী ৰাইজে । কেৱল ৰুগ্ন গাহৰি বিলায়ে ক্ষান্ত থকা নাই চৰকাৰী পুঁজিলৈ লোলুপ দৃষ্টি দিয়া যোগানকাৰী অৰ্থলোভী ঠিকাদাৰে । এনেবোৰ গাহৰিৰ খাদ্যৰ নামটো পেলাইছে ভয়ানক লুণ্ঠনৰ জাল । "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত পোহৰলৈ আহিছে এই নিৰ্লজ লুণ্ঠনৰাজ । পৰৱৰ্তী সময়ত উন্মোচিত কৰা হব চৰকাৰী পুঁজি উদৰস্থকৰণৰ এই নিকৃষ্ট বেহাৰ অন্য এক অধ্যায়।