'আণ্ডাৰ ক'ভাৰ ক'প'! সমাধান কৰিলে ৰেগিঙৰ গোচৰ...

'আণ্ডাৰ ক'ভাৰ ক'প'! সমাধান কৰিলে ৰেগিঙৰ গোচৰ...

ডিজিটেল ডেস্ক : সততে ৰূপালী পৰ্দাত দেখি থকা কায়দাৰে এটি গোচৰৰ সমাধান কৰে ইণ্ডোৰ আৰক্ষীত নৱ নিযুক্ত এগৰাকী আৰক্ষী বিষয়াই । শ্বালিনী চৌহান নামৰ এগৰাকী নৱ নিযুক্ত আৰক্ষী বিষয়াই ইণ্ডোৰৰ মহাত্মা গান্ধী মেম'ৰিয়েল মেডিকেল কলেজত ৬ মাহ পুৰণি এটি ৰেগিঙৰ গোচৰ সমাধান কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সমগ্ৰ দেশবাসীৰ পৰা ।

২৪ বছৰীয়া বিষয়া গৰাকীয়ে ৩ মাহৰ বাবে দৈনিক পিঠিত কিতাপৰ বেগ, কলেজীয়া পোছাকেৰে শ্ৰেণীকোঠাত উপস্থিত থাকি সমাধান কৰি উলিয়ালে প্ৰথম বৰ্ষৰ এগৰাকী শিক্ষাৰ্থীক ১১ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীয়ে ৰেগিং কৰা গোচৰৰ । এই গোচৰৰ বিপৰিতে থকা জ্যেষ্ঠ শিক্ষাৰ্থী কেইজনক চিনাক্ত কৰি উলিওৱাটো প্ৰয়োজনীয় হৈ পৰিছিল আৰক্ষীৰ বাবে । আৰু আণ্ডাৰ ক'ভাৰ কপ ৰূপে এই সমস্যাৰ সমাধান কৰি দেখুৱালে শ্বালিনীয়ে ।

উল্লেখ্য যে, ইণ্ডোৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বেও একেই উপায়েৰে এই গোচৰটোৰ মীমাংসা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু জ্যেষ্ঠ আৰক্ষী বিষয়া সকলৰ আদৱ কায়দা আৰু পোছাক পৰিধানৰ শৈলীৰ বাবে শিক্ষাৰ্থী সকলে অতি সহজেই চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী বিষয়া সকলক । এই ক্ষেত্ৰত, নৱ নিযুক্ত শ্বালিনী যেন উপহাৰ হৈ পৰিল আৰক্ষীৰ বাবে । ২৪ বৰ্ষীয়া শ্বালিনী অতি সহজেই শিক্ষাৰ্থী সকলৰ সৈতে মিলি পৰিল । কেন্টিন, গ্ৰন্থাগাৰ সকলোতেই শিক্ষাৰ্থী সকলৰ সৈতে ঘন্টাৰ পাছত ঘন্টা কটোৱাৰ পাছত চিনাক্ত কৰিবলৈ সক্ষম হ'ল অভিযুক্ত কেইজনক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in