আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত অভিনৱ শইকীয়াৰ সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ

: গুৱাহাটী সৰুসোজাই ড° জাকিৰ হুছেইন ষ্টেডিয়ামত অনুষ্ঠিত হয় আন্তঃ বিদ্যালয়ৰ স্কুল ক্ৰীড়া প্ৰতিযোগিতা ২০২২ ।

author-image
Asomiya Pratidin
New Update
আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত অভিনৱ শইকীয়াৰ সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ

ডিজিটেল সংবাদ, ফৰকাটিং:গুৱাহাটী সৰুসজাই ড° জাকিৰ হুছেইন ষ্টেডিয়ামত অনুষ্ঠিত হয় আন্তঃ বিদ্যালয়ৰ স্কুল ক্ৰীড়া প্ৰতিযোগিতা ২০২২ । সাঁতোৰৰ বিভিন্ন শিতান ফ্ৰীষ্টাইল, ব্ৰেষ্টট্ৰক আদি শাখাত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভিনৱ শইকীয়াই ক্ৰমে সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষত গোলাঘাট জিলা ক্ৰীড়া সংন্থাৰ দ্বাৰা আয়োজন কৰা গোলাঘাট জিলা আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাটো ছাত্ৰ জনে তিনিটা শিতানৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিওটাতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ছাত্ৰ জনৰ এই সাফল্যই বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলে সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেয়েহে বিদ্যালয়ৰ সকলো শিক্ষক তথা ছাত্ৰ- ছাত্ৰী সকলে ছাত্ৰ জনৰ এই সফলতাক লৈ উৎফুল্লিত হোৱাৰ লগতে সকলোৱে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু অনাগত দিনত ততোধিক সফলতাৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে।

আৰু পঢ়ক: দৰং-ওদালগুৰি সীমান্তৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা

swimming assam