
ডিজিটেল সংবাদ, ওৰাং: শুকুৰবাৰে দৰং-ওদালগুৰিৰ সীমান্তৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ।
মঙলদৈ দিশৰ পৰা তেজপুৰ অভিমুখে দুখন মালবাহী ট্ৰাক গৈ থকা অৱস্থাত পিছফালে থকা মালবাহী PB 05 T9781 নম্বৰৰ ট্ৰাকখনে আগফালে সন্মুখৰ PB 13 B B 7908 নম্বৰৰ ট্ৰাক খনত তীব্ৰবেগীৰে খুন্দা মাৰে ৷
খুন্দা মাৰাৰ ফলত পিছফালে থকা ট্ৰাক খনৰ চালক জনৰ ভৰিত আইৰণ ৰড সোমাই পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
চালক জনৰ ভৰিত আইৰণ ৰড সোমোৱাৰ বাবে দুৰ্ঘটনাগ্ৰস্থ বাহনতেই বহু সময় ধৰি আবদ্ধ হৈ আছে ।
ঘটনা স্থলীত দলগাঁও আৰক্ষী উপস্থিতিত স্থানীয় ৰাইজৰ সহযোগত চালক জনৰ ভৰিত সোমোৱা আইৰণ ৰড কাটি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷
আৰু পঢ়ক: বন্ধুৰ ফোনত ঘৰৰ পৰা ওলাই যোৱা কপিল আৰু ঘূৰি নাহিল, উদ্ধাৰ মৃতদেহ...