৫ মিনিটতে সমাপ্ত দেউৰী পৰিষদৰ শপতগ্ৰহণ ! দুৰ্নীতিত লিপ্তক পুনৰ ৰঙা দলিচা...

৫ মিনিটতে সমাপ্ত দেউৰী পৰিষদৰ শপতগ্ৰহণ ! দুৰ্নীতিত লিপ্তক পুনৰ ৰঙা দলিচা...
৫ মিনিটতে সমাপ্ত দেউৰী পৰিষদৰ শপতগ্ৰহণ ! দুৰ্নীতিত লিপ্তক পুনৰ ৰঙা দলিচা...

ডিজিটেল সংবাদ লখিমপুৰঃ নিৰ্বাচন হৈ যোৱা ডেৰ মাহৰ পাছত গঠন হ’ল দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ ৷ আজি নাৰায়ণপুৰৰ বৰ দেউৰী গাঁৱত পৰিষদৰ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাই দেউৰী স্বায়ত্ত্বশাসিত পৰিষদখন গঠন কৰা হয় ৷

মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্হানীয় সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চাত্তাৱানে পৰিষদৰ অধ্যক্ষ ,উপ-মুখ্য কাৰ্যবাহী আৰু মুখ্য কাৰ্যবাহী সদস্যক শপত বাক্য পাঠ কৰোৱায় ৷ লক্ষণীয় ভাৱে এই নৱ গঠিত স্বায়ত্ত্বশাসিত পৰিষদত জে পি পি চমুকৈ জিমচাঁয়া পিপ’লছ পাৰ্টিৰ ৭ জনকৈ সদস্যই সমৰ্থন আগবঢ়ায় ৷

পৰিষদৰ পদবীক লৈ আজি নাৰায়ণপুৰত নিৰ্বাচিত পাৰিষদসকলৰ মাজত মতবিৰোধ দেখিবলৈ পোৱা গ’ল ৷ যাৰ ফলস্বৰূপে মাত্ৰ অধ্যক্ষ ৰূপে অমৃত প্ৰভা দেউৰী, উপমুখ্য কাৰ্যবাহী ৰূপে ভাস্কৰ দেউৰী আৰু মুখ্য কাৰ্যবাহী সদস্য ৰূপে ভৈৰৱ দেউৰীক শপত বাক্য পাঠ কৰোৱাই শপত অনুষ্ঠান সামৰিব লগা হয় প্ৰশাসনে ৷

প্ৰণিধানযোগ্য যে, এই শপত অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যত শদিয়াকে ধৰি ৰাজ্যৰ ৮ খন জিলাৰ প্ৰায় ২ হাজাৰোধিক ৰাইজে প্ৰৱল শীতকো নেওচি নাৰায়ণপুৰত উপস্হিত হয় ৷ ৫ মিনিট সময়ৰ ভিতৰত সম্পন্ন হোৱা পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ ব্যাপক অসন্তুষ্টি দেখা গ’ল দেউৰী জনগোষ্ঠীৰ ৰাইজৰ মাজত৷

দেউৰী জগোষ্ঠীক চৰকাৰে অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে দেউৰী জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বই ৷ আনকি অধ্যক্ষ হিচাবে শপত বাক্য পাঠ কৰা অমৃতপ্ৰভা দেউৰীয়ে কয়- “পৰিষদ গঠনৰ শপত গ্ৰহণৰ এনে অনুষ্ঠান কাহানিও দেখা নাই ৷ যদি ৫ মিনিটৰ ভিতৰতেই শপত সম্পন্ন হয় তেন্তে ইমানবোৰ অৰ্থ ব্যয় আৰু সময়ৰ অপচয়ৰ লগতে ৰাইজক কষ্ট দিয়া হ’ল কিয় ?

আশা কৰিছিলো উত্তৰ পাৰৰ পৰা উপ-মুখ্য কাৰ্যবাহী সদস্য পদ পাব । কিন্তু সেয়াও ন’হল ৷ এইখন পৰিষদক লৈ আশাহত হোৱাৰ কথা ব্যক্ত কৰে অল দেউৰী জাষ্টিচ ফ’ৰামে ৷

স্মৰ্তব্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী সদস্য হিচাবে নিৰ্বাচিত কৰাৰ বিপৰীতে উপ মুখ্য কাৰ্যবাহী হিচাবে সমৰ্থন লাভ কৰে পূৰ্বৰ পৰিষদত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা উপ মুখ্য কাৰ্যবাহী ডিব্ৰুগড়ৰৰ ভাস্কৰ দেউৰীয়ে৷

সৰ্বানন্দ সনোৱালৰ ঘনিষ্ঠ দুৰ্নীতিগ্ৰস্থ ভাস্কৰ দেউৰীৰ পদবীক লৈ অসন্তুষ্টি প্ৰকাশ কৰে উত্তৰ অসমৰ বিজেপি আৰু এজিপি পাৰিষদসকলে ৷ তেওঁলোকৰ দাবী আছিল উত্তৰ অসমৰ এজনক উপ মুখ্য কাৰ্যবাহী পদবী দিব লাগে ৷

পুৱা ১০ বজাৰ পৰা DAC ৰ অতিথি শালাত এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত মাত্ৰ ৫ মিনিটৰ শপত অনুষ্ঠান কৰি সামৰণি কৰে লখিমপুৰ জিলা প্ৰশাসনে ৷ ফলত ১৯ জন সদস্যই ৰাজহুৱা ভাৱে শপত গ্ৰহণৰ পৰা বাদ পৰি ৰয় ৷

আনকি পাৰিষদসকলক উপস্থিত ৰাইজক চিনাকি কৰি দিয়াৰ সময়ৰ নাটনি হ’ল প্ৰশাসনৰ ৷ অসম সংগীত পৰিবেশনৰ ৫ মিনিটৰ পাছতেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি সভাৰ সমাপ্তি ঘোষণা কৰে প্ৰশাসনে ৷

মন্ত্ৰী পীযুষ হাজৰিকাই লক্ষণীয় ভাৱে ছত্ৰভংগ দিয়ে ৷ হ’লেও আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে সাংবাদিকক এইখন পৰিষদে ৰাইজৰ স্বাৰ্থত কাম কৰিব বুলি আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, জে পি পি ৰ সদস্যসকলৰ ভূমিকাক লৈ অসন্তুষ্ট উত্তৰ পাৰৰ পাৰিষদসকল৷ মেনেজ হৈ ভৈৰৱ দেউৰী আৰু ভাস্কৰ দেউৰীক সমৰ্থন দিয়াৰ অভিযোগ ৷ পদবীক লৈ অসন্তুষ্টিৰ পাছত মাত্ৰ ৫ মিনিটৰ শপত গ্ৰহণ সম্পন্ন হয় DAC ত ৷ যাৰ ফলত আজি দেউৰী জনগোষ্ঠীৰ ৰাইজ অসন্তুষ্ট হ’ব লগীয়া হ’ল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in