বটদ্ৰৱাৰ ৰিয়া বৰদলৈৰ ব্যতিক্ৰমী প্ৰয়াস...

পথৰ দাঁতিৰ খহতা শিলবোৰ তথা পাহাৰৰ দাঁতিৰ মসৃণ শিলবোৰ সংগ্ৰহ কৰি, সেই শিলৰ টুকুৰা বোৰত ৰং তুলিকা বুলাই জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে এগৰাকী উদীয়মান শিল্পীয়ে।
 বটদ্ৰৱাৰ ৰিয়া বৰদলৈৰ ব্যতিক্ৰমী প্ৰয়াস...

ডিজিটেল সংবাদ, বটদ্ৰৱা: পথৰ দাঁতিৰ খহতা শিলবোৰ তথা পাহাৰৰ দাঁতিৰ মসৃণ শিলবোৰ সংগ্ৰহ কৰি, সেই শিলৰ টুকুৰা বোৰত ৰং তুলিকা বুলাই জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে এগৰাকী উদীয়মান শিল্পীয়ে। য'লৈকে নাযাওক হাতত এটুকুৰা শিল লৈ ওভতি আহি সেই শিলত ৰং তুলিকা বুলাই, শংকৰী শৈলীৰ চিত্ৰ, মুখা শিল্প, ঢোল, তাল, পেঁপা, খোল, কেতিয়াবা মহাবিদ্যালয়ৰ তোৰনৰ চিত্ৰ, কেতিয়াবা মেজিৰ জুইকুৰা, কেতিয়াবা পাহাৰ, কেতিয়াবা নৈ যেন প্ৰকৃতিৰ সকলো উপাদান আনি অংকন কৰিব এই নিৰ্জীৱ শিলত।

কম খৰছত আৰু সীমিত সাধনাৰে শিল্পীগৰাকীয়ে উদ্ভাৱনী শক্তিৰ পৰিচয় দি এনেদৰে ৰং-তুলিকাৰে প্ৰতিভাৰ পৰিচয় দিছে। এই ব্যতিক্ৰমী চিত্ৰ শৈলীৰ চৰ্চাত ব্ৰতী হৈ থকা নৱ প্ৰজন্মৰ শিল্পী গৰাকী হৈছে ৰিয়া বৰদলৈ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়াৰ নিৰেন বৰদলৈ আৰু পম্পী বৰদলৈৰ কন্যা ৰিয়া বৰদলৈয়ে শৈষৱৰ পৰা চিত্ৰকলা চৰ্চাত ব্ৰতী হৈ প্ৰথমে কাগজ, পেঞ্চিলেৰে পাছত কেনভাচত ছবি অংকন কৰি বৰ্তমান ব্যতিক্ৰমী চিন্তাৰে শিলত ছবি অংকন কৰিবলৈ আৰম্ভ কৰিছে। পেলনীয়া বস্তুত নিজৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শনৰ লক্ষ্যৰে শিলৰ উপৰিও পেলনীয়া বটল, কাচৰ টুকুৰা, কাগজৰ টুকুৰা, নাৰিকলৰ কোঁৰোকাৰ লগতে চাউল, দালি, মাহ আদিটো বিভিন্ন ছবি অংকন কৰি গৈছে।

ছবি অংকনৰ বাদেও সত্ৰীয়া নৃত্য শিল্পী ৰিয়াই গুৱাহাটী বিশ্ববিদ্যালয়, নগাঁও, যোৰহাট, কলিয়াবৰ, তেজপুৰ, ননৈ, দক্ষিণপাট, বেবেজিয়া আদি বিভিন্ন ঠাইত গুৰুজনাৰ সৃষ্ট সত্ৰীয়া নৃত্য পৰিৱেশন কৰা লগতে ২০২১-২২ বৰ্ষত নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৃত্য শিল্পী সন্মান লাভ কৰিছে। ইয়াৰোপৰি সমৰ কলা কাৰাটেত জিলা ভিত্তিক ৰূপৰ পদক অৰ্জন কৰা ৰিয়াই সুন্দৰকৈ প্ৰৱন্ধ, কবিতা, গল্প আদি লিখিও জিলাখনৰ ভিতৰত পৰিচিত হৈ পৰিছে। শিল্প কৰ্মৰ মাজেৰে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচৰা ৰিয়া বৰদলৈক অঞ্চলবাসীয়ে শুভ কামনা জনাইছে।

আৰু পঢ়ক: অসমত সমষ্টি পুননিৰ্ধাৰণৰ প্রক্রিয়া আৰম্ভ, মন্ত্ৰী কেশৱ মহন্তই ক'লে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in