/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b2197722-2cd1-448d-95ed-9f04ee5f1334/bd0961df-3880-4135-aca2-8de9783b1c63.jpg)
ডিজিটেল ডেস্কঃ টোপনিত আপুনি কেতিয়াবা কান্দে নেকি! নাইবা সপোনত কিবা দেখি আপুনিও ছিঞৰি উঠে নেকি! সপোন দেখি কন্দা নাইবা ছিঞৰি উঠা কাৰ্যই আপোনাৰ বাস্তৱিক জীৱনত বহু প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে, যদিহে সপোনত আপুনি কান্দে তেন্তে বাস্তাৱিক জীৱনত কোনো কিবা এটা ভাল হোৱাৰ সংকেত পোৱা যায়। এই সপোনে সংকেত প্ৰদান কৰে যে আপোনাৰ জীৱনত কোনো ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। এনে সপোনে বাস্তৱ জীৱনলৈ সুখ কঢ়িয়াই আনে বুলি ধৰা হয়।
সপোনত যদিহে আপুনি কান্দে তেন্তে বাস্তৱত আপোনাৰ কোনো ইচ্ছা পূৰণ হব পাৰে। নতুবা কাৰ্যক্ষেত্ৰতো আপোনাৰ উন্নতি হব পাৰে। অবিবাহিত লোকে সপোনত কান্দিলে অচিৰেই বিবাহ পোৱাৰ যুগো আহে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। কিন্তু এটা কথা মনত ৰাখিব যে, যদিহে সপোনত আপুনি মৃত পূৰ্বপুৰুষৰ সৈতে কন্দা দেখে তেন্তে ই আপোনাৰ জীৱনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। নিজৰ বাদে অইন কোনোবাই যদি সপোনত কন্দা দেখে তেন্তে আপোনাৰ বাস্তৱিক জীৱনত নেতিবাচক প্ৰভাৱ পৰে।
এতিয়া আহো, সপোনত যদি ছিঞৰে তেন্তে বাস্তৱত ই কি সূচায়। যদিহে সপোনত আপুনি ছিঞৰে নাইবা জোৰকৈ কান্দে তেন্তে আপুনি জানিব লাগিব যে, আপোনাৰ বাস্তৱিক জীৱনত কাম-কাজত বাধা আহিছে। আপুনি কৰিব খোজা কামত কোনোবাই বাধা দিলে এনে সপোন দেখে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। সপোনত ছিঞৰিলে কোনো বিপদৰ আগজাননী বুলিও গণ্য কৰা হয়।
Also Read: সাজু হওকঃ ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয়, চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ পৰীক্ষা...