ডিজিটেল ডেস্ক : বস্ত্ৰ নগৰী শুৱালকুছিৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন। ইয়াৰ কাৰণ দুটা। প্ৰথমতে আজি অৰ্থাৎ ১৯৪৬চনৰ ৯ জানুৱাৰীৰ দিনটোতে বস্ত্ৰ নগৰীলৈ আহিছিল মহা মানৱ মহাত্মা গান্ধী। আনটো হৈছে- আজিৰ এই দিনটোতেই প্ৰতিষ্ঠা কৰা হৈছিল শুৱালকুছি সাংবাদিক সন্থা।
শুৱালকুছি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ছপা মাধ্যমৰ সাংবাদিকসকলক একগোট কৰি ২০১৯চনত প্ৰতিষ্ঠা কৰা হৈছিল শুৱালকুছি সাংবাদিক সংস্থা নামৰ অনুষ্ঠানটি। এই উপলক্ষে বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সাংবাদিক সন্থাৰ ৫ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে এক বক্তৃতানুষ্ঠানৰো আয়োজন কৰে। এই বক্তৃতানুষ্ঠানৰ পূৰ্বে ৩গৰাকী বিশেষ ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে কামৰূপ গ্ৰাম্য জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।
একেদৰে প্ৰয়াত সাংবাদিক কনক ৰাজ মেধি আৰু হেমেন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। উল্লেখযোগ্য যে আজিৰ বক্তৃতানুষ্ঠানৰ বিষয় আছিল- “ অসমীয়া ভাষাৰ উত্তৰণত নৱ- প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য“।
শীৰ্ষক বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতাই। বক্তৃতানুষ্ঠানটি সঞ্চালনা কৰে শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি দিলিপ মেধিয়ে।
বিষয়বস্তু সম্পৰ্কত বক্তৃতা প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে কেতবোৰ মন্তব্য কৰে। নৱ প্ৰজন্মক ভাষা- সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰত অগ্ৰজসকলে বিশেষ ভূমিকা ল’ব লাগিব বুলি মন্তব্য কৰে। কেৱল নৱ- প্ৰজন্মক দোষ জাপি দি দায়িত্ব সামৰিলে নহ’ব, অগ্ৰজসকলেও ভাষা- সাহিত্যৰ বাবে নতুন প্ৰজন্মক বাট দেখুৱাব লাগিব আৰু পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব।
ইয়াৰ উপৰি অধ্যক্ষ ড০ কলিতাই বাঁহী, অৰুণোদই, জোনাকী যুগ আদিৰ বিৱৰণ দি অসমীয়া ভাষাৰ ইতিবৃত্ত সম্পৰ্কেও উপস্থিত ছাত্ৰ- ছাত্ৰী তথা ৰাইজক কিছু কথা জানিবলৈ দিয়ে। ভাষা এটা জনাৰ আগেয়ে ভাষাটোৰ ইতিহাস ভালদৰে জানিব লাগিব বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। তেওঁ লগতে ইয়াকো কয় যে গুগলৰ দ্বাৰা ভাষা এটা কেতিয়াও জীয়াই নাথাকে। ভাষা জীয়াই ৰাখিবলৈ সকলোৱে সাধনা কৰিব লাগিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।
আনহাতে আনগৰাকী বক্তা তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে চিঠি লিখাৰ অভ্যাস কৰিলেহে পাছলৈ সাহিত্য অথবা ভাষা জ্ঞান আয়ত্ব কৰিব পাৰি। চিঠি লিখাৰ অভ্যাস কৰিলে মান্যজনলৈ কি সম্বোধন কৰিব অথবা কনিষ্ঠজনলৈ চিঠি লিখিলে কি সম্বোধন ব্যৱহাৰ কৰিব, সেই সম্পৰ্কে লিখোতাজনে জানিব পাৰিব।
ইয়াৰ জৰিয়তে পাছলৈ ভাষাটো আয়ত্ব কৰাৰ ক্ষেত্ৰত অথবা জনাৰ ক্ষেত্ৰত সহায়ক হ’ব। তাৰোপৰি সাহিত্যৰ অলংকাৰ আৰু ব্যাকৰণৰ আভাস পাব। আধুনিক সময়ত ইণ্টাৰনেটৰ জৰিয়তে ভাষা জ্ঞান আহৰণ কৰাৰ সম্পৰ্কতো তেওঁ কেতবোৰ কথা মন্তব্য কৰে। ইয়াৰ উপৰি এই অধিবেশনখনে একাধিক যোগাত্মক দৃষ্টিভংগীৰে কাম কৰা বুলি শলাগ লয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। শুৱালকুছিৰ গান্ধী উদ্যানৰ প্ৰসংগতো কেতবোৰ মন্তব্য কৰে প্ৰকাশ মহন্তই।
উল্লেখযোগ্য যে আজিৰ এই বক্তৃতানুষ্ঠানৰ আগেয়ে স্থানীয় শিল্পী তথা দশম শ্ৰেণীৰ ছাত্ৰী ফ্লৰিণা বৈশ্যই এটি বৰগীত পৰিৱেশন কৰি পৰিৱেশটো আৰু অধিক গাম্ভীৰ্য কৰি তোলে। ইফালে প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি উদ্যোক্তাসকলে ছাত্ৰ- ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে বাতৰি পঠন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৫৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দুটা শাখাত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখন। উক্ত প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক অভ্যাগতসকলৰ উপস্থিতিত পুৰস্কৃত কৰা হয় আৰু মানপত্ৰৰে সন্মানিত কৰা হয়।
ইফালে বাতৰি কাকত বিতৰণ কৰা মুখ্য বিতৰক পৰেশ মেধি আৰু তেওঁৰ ৫গৰাকী সহযোগী বিতৰক তথা ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি অঞ্চলটোৰ সমাজকৰ্মী কেশৱ কলিতাই কিছুদিন আগেয়ে সন্মানীয় পি এছ ডি ডিগ্ৰী লাভ কৰাৰ বাবে সাংবাদিক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আয়ুক্তগৰাকীয়ে প্ৰদান কৰা উদ্বোধনী ভাষণে উপস্থিত সকলোকে আপ্লুত কৰে।
উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ফণিধৰ দাস, বিশিষ্ট সমাজকৰ্মী তথা ৰাজনীতিক প্ৰকাশ দাস, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতা, উপাধ্যক্ষকে প্ৰমুখ্যে বিভিন্ন সংবাদ সংস্থাৰ ন- পুৰণি সংবাদকৰ্মী, ছাত্ৰ- ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ।